দ্রুত প্রযুক্তি উন্নয়নৰ লগে লগে ছ’চিয়েল মিডিয়া নিষিদ্ধ হোৱা বাতৰিয়ে সকলোকে অলপ হ’লেও ভবাহ তোলে৷ অষ্ট্রেলিয়াত অলপতে ১৬ বছৰৰ তলৰ কিশোৰ–কিশোৰীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিছে৷
ইয়াৰ পিছত ইণ্ডোনেছিয়া, মালয়েছিয়ায়ো ইয়াৰ পৰা অনুসৰণ কৰিছে৷ এই তিনিখন ৰাষ্ট্রৰ পিছত ব্রিটেহন হৈছে বিশ্বৰ চতুর্থখন দেশ, য’ত কিশোৰ–কিশোৰীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পদক্ষেপ গ্রহণ কৰিব৷
ব্রিটেহনে এই সিদ্ধান্ত শিশু কল্যাণৰ প্রতি লক্ষ্য ৰাখিয়ে গ্রহণ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে৷ খবৰ অনুসৰি, ব্রিটেইন চৰকাৰে শিশুৰ বাবে সুৰক্ষিত বুলি বিবেচিত প্লেটফর্মত লাইভ ষ্ট্রিমিং নিষিদ্ধ কৰাৰ পৰিকল্পনাও কৰিছে
তদুপৰি, গেমিং এপসমূহত অচিনাকি লোকৰ সৈতে যোগাযোগ সম্পূর্ণৰূপে নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে৷ তিনি মাহ ধৰি ব্রিটিছ চৰকাৰে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ লগতে শিশুসকলৰ ক্ষতিকাৰক অনলাইন ফিচাৰৰ পৰা ৰক্ষা কৰাৰ বিষয়ে আলোচনা কৰি আহিছে৷
ইতিমধ্যে ইয়াৰ সকলো পৰীক্ষা চলি আছে৷ হয়তো সকলো তথ্য ৪৫ দিনৰ ভিতৰত সম্পূর্ণকৈ জানিব পৰা যাব৷ খবৰ অনুসৰি, অষ্ট্রেলিয়াৰ দৰে ব্রিটেহনেও ১০টা প্লেটফর্মত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে এ আইৰ ব্যৱহাৰৰ ক্ষেত্রতো বাধা আৰোপ কৰাৰ সম্ভাৱনা আছে৷
এই সকলো বাধা কেৱল কিশোৰ–কিশোৰীৰ ক্ষেত্রতহে৷ এতিয়া প্রশ্ন হয়, সম্প্রতিক সময়ৰ এই যুগটোক ডিজিটেল যুগ বুলি কোৱা হয়৷ তেনে এটা যুগত ৪খনকৈ দেশত ছ’চিয়েল মিডিয়া নিষিদ্ধৰ দৰে সিদ্ধান্ত কিমানদূৰ গ্রহণযোগ্য?
বিশ্ব বহু শিক্ষাবিদ–অভিভাৱকে ১৬ বছৰৰ তলৰ কিশোৰ–কিশোৰীৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্রত যি নিষিদ্ধ কৰাৰ প্রস্তাৱ হাতত লৈছে বা ল’ব তাক সমর্থন জনাইছে৷ এই নিষিদ্ধ কথাবোৰ শুনিলে বহুত কঠিন যেন লাগিলেও হয়াৰ উপকাৰ–পকাৰ দুয়োটা দিশেই আছে৷
তথ্য অনুসৰি, ২০১০ চনৰ পিছত বিশ্বজুৰি কিশোৰ–কিশোৰীৰ মাজত মানসিক অৱসাদ, উৎকণ্ঠা, টোপনিৰ অভাৱ, পৰীক্ষাত ফেইল কৰা কিশোৰ–কিশোৰীৰ সংখ্যা বাঢ়িছে৷
আমেৰিকাৰ ষ্টেহন ফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণা মতে, দিনত ৩ ঘণ্টাকৈ স্ক্রীন চোৱা ল’ৰা–ছোৱালীৰ মনোযোগ শক্তি ৫০ শতাংশ কমি যায়৷ কিন্তু আচৰিত কথা যে আজি আমাৰ দেশতো ৮–১০ বছৰীয়া ল’ৰাই ২–৩ ঘণ্টাতকৈ অধিক সময়ত ম’বাইলত ৰীল্ছ, গেম খেলি সময় অতিবাহিত কৰে৷
এই ৰীল্ছ চোৱা প্রৱণতাই ল’ৰা–ছোৱালীৰ মনযোগ হ্রাস কৰে৷ এটা ১৫ ছেকেণ্ডৰ ৰীল্ছৰ বাবে কিশোৰ–কিশোৰীৰ মগজু ‘কুইক ড’পামাইন’ত অভ্যস্ত হৈ পৰে৷ সেয়ে শ্রেণীকোঠাত ৪০ মিনিট শিক্ষকৰ কথা মন দি শুনাত কঠিন হৈ পৰে৷
তদুপৰি, চিকিৎসকৰ মতে ১৬ বছৰীয়া কিশোৰ–কিশোৰীৰ চকুৰ লেন্স নমনীয় হৈ থাকে৷ সেয়ে অধিক সময় ম’বাইলত ব্যস্ত থাকিলে চকুৰ পাৱাৰ কমে৷ এই সমস্যা–সুবিধা অনুযায়ী ছ’চিয়েল মিডিয়া নিষিদ্ধ ভাৰততো হ’ব লাগে, কিন্তু ক’ভিডৰ পিছত অনলাইন শিক্ষা স্বাভাৱিক হৈ পৰিছে৷
বহু সময়ত ইউটিউবকে ধৰি বিভিন্ন এপত ক্লাছ কৰিবলৈ কিশোৰ–কিশোৰীক ম’বাইলৰ প্রয়োজন হয়৷ বহু স্কুলত কম্পিউটাৰৰ সুবিধাও নাথাকে, তেনেস্থলত বহু শিক্ষার্থীয়ে ম’বাইলতেই বহু কাম কৰিবলগীয়া হয়৷
এই সময়খিনিত সম্পূর্ণ নিষিদ্ধ আৰু মুকলি দুয়োটাই বিপজ্জনক৷ বিশ্বৰ চাৰিখন দেশত কিশোৰ–কিশোৰীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ হ’লেও ভাৰতত এই দুয়োটাৰ এটা লোৱাতকৈ নিয়ন্ত্রিত আৰু শিক্ষামূলক ব্যৱহাৰৰ ক্ষেত্রতহে অধিক গুৰুত্ব দিয়া উচিত৷
কিশোৰ–কিশোৰীক দিনটো ২ ঘণ্টাৰ বাবেহে ম’বাইল হাতত দিব লাগে, কেৱল শিক্ষামূলক এপ বা ভিডিঅ’ চোৱাৰ বাবেহে৷ তদুপৰি, পাঠ্যক্রমত ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰ সম্পর্কে শিক্ষানুষ্ঠানত ভালদৰে শিকাব লাগে৷
অভিভাৱকে ম’বাইলৰ পৰা কি শিকিলা এই সম্পর্কে সঠিকৈ আলোচনা কৰিব লাগে৷ শেষত ছ’চিয়েল মিডিয়া আৰু ম’বাইল দুয়োটাই প্রয়োজন যদিও সময়সাপেক্ষে ইয়াক নিয়ন্ত্রণ কৰিবলৈ অভিভাৱকসকল সচেতন হ’ব লাগিব৷
নিষিদ্ধ ঘোষণাতকৈ সাৱধানবাণী, সজাগতা অতীৱ প্রয়োজন৷ সজাগতা, নিয়ন্ত্রণৰ মাজেৰে প্রতিটো শিশুক দায়িত্বশীল ডিজিটেল নাগৰিক হিচাপে গঢ় দিয়া দায়িত্ব আমাৰ সকলোৰে৷ সেয়ে সকলোৱে এবাৰ কথাবোৰ বিবেচনা কৰা উচিত৷
এই কথাবোৰ বিবেচনা কৰিলেহে বিদ্যালয়ৰ শিক্ষার্থীয়ে কৰা কু–কর্মবোৰ ৰোধ কৰিব পৰা যাব৷ অলপতে গুৱাহাটীৰ এগৰাকী ছাত্রই ৭৫গৰাকী ছাত্রী–শিক্ষয়িত্রীৰ অশ্লীল ফটো এ আইৰ দ্বাৰা নির্মাণ কৰি বিক্রী কৰিছিল ৷ যিটো সাম্প্রতিক সময়ৰ সমাজখনৰ বাবে অতিকৈ চিন্তাৰ বিষয়৷ গতিকে, হাতত সময় থাকোঁতেই আমি সকলো সজাগ–সচেতন হোৱা উচিত৷