শোকাৱহ দুৰ্ঘটনাত ৬জনৰ প্ৰাণহানি, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
ৰাজস্থানৰ ডুংগৰপুৰ জিলাৰ সাগৱাড়া অঞ্চলৰ পৰা গুজৰাটৰ ছুৰাটলৈ গৈ থকা এখন যাত্ৰীবাহী বাছ বুধবাৰে পুৱতিনিশা গুজৰাটৰ বডোদৰাৰ ওচৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। এই দুৰ্ঘটনাত বাছখনৰ চালকসহ মুঠ ৬জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি, বালাজী ট্ৰেভেলছৰ বাছখন মঙলবাৰে নিশা প্ৰায় ৯ বজাত প্ৰতাপপুৰৰ পৰা সাগৱাড়া হৈ ছুৰাটলৈ যাত্ৰা আৰম্ভ কৰিছিল। সাগৱাড়া অঞ্চলৰ বহু যাত্ৰীও বাছখনত আৰোহণ কৰিছিল। বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামৰ ওচৰত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
সাগৱাড়াৰ বুকিং এজেণ্টৰ মতে, দুৰ্ঘটনাত পাডৱা গাঁৱৰ এগৰাকী মহিলা, ফাৱড়া গাঁৱৰ এজন পুৰুষ আৰু বাডগী অঞ্চলৰ বাছ চালকৰ মৃত্যু হৈছে। আন নিহতসকলৰ পৰিচয় নিশ্চিতকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। মুঠ ৬জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, প্ৰশাসন আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সাগৱাড়া, পাডৱা, ফাৱড়া আৰু আশে-পাশৰ অঞ্চলসমূহত শোকৰ ঢৌ বৈ যায়। পৰিয়ালৰ লোকসকলে নিজৰ আত্মীয়-স্বজনৰ খবৰ জানিবলৈ উদ্বিগ্ন হৈ পৰিছে। ইফালে, দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ আৰক্ষী আৰু প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ১৭ জুন