নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মস্থলীলৈ যোৱাৰ পথতে দিল্লীত সন্ধানহীন মঙলদৈৰ SSB জোৱান,

কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত দিল্লীত সন্ধানহীন হৈ পৰিছে দৰং জিলাৰ মঙলদৈৰ এজন SSB জোৱান। ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালটোত গভীৰ উদ্বেগ আৰু হাহাকাৰৰ সৃষ্টি হৈছে।

সন্ধানহীন জোৱানজন হৈছে মঙলদৈ থানাৰ অন্তৰ্গত সৰু থেকেৰাবাৰী গাঁৱৰ বাসিন্দা তথা SSB-ত কৰ্মৰত শৰৎ ডেকা।

পৰিয়ালৰ লোকে জনোৱা মতে, চলিত মাহৰ ১২ জুনত ঘৰ এৰি কৰ্মস্থলীলৈ ৰাওনা হৈছিল শৰৎ ডেকা। দিল্লী ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পিছত তেওঁ পৰিয়ালৰ সৈতে শেষবাৰৰ বাবে ফোনযোগে যোগাযোগ কৰিছিল। ফোনত তেওঁ হোটেলত ভাত-পানী খাই ঋষিকেশলৈ যোৱাৰ বাবে বাছৰ টিকট কটাৰ কথাও উল্লেখ কৰিছিল।

কিন্তু তাৰ পিছৰে পৰা তেওঁৰ সৈতে কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই। মোবাইল ফোনো বন্ধ পোৱা গৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

জোৱানজনৰ কোনো সন্ধান নোপোৱাত উদ্বিগ্ন পৰিয়ালৰ সদস্যসকলে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ অব্যাহত ৰাখিছে। ইতিমধ্যে পিতৃৰ সন্ধানত তেওঁৰ পুত্ৰও দিল্লীলৈ ৰাওনা হৈছে।

ঘটনা সন্দৰ্ভত জোৱানজনৰ পত্নীয়ে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

শৰৎ ডেকাৰ কোনো সন্ধান পালে বা কোনো তথ্য থাকিলে ৬০০১৫০৩২৪৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা ৰাইজক অনুৰোধ জনোৱা হৈছে।

ডিজিটেল ডেস্ক, ১৭ জুন

You might also like