নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগোৰ বিৰুদ্ধে হতাশাজনক আৰম্ভণি পৰ্তুগালৰ, ব্যৰ্থ ৰ’নাল্ডো

ফিফা বিশ্বকাপ ২০২৬ত ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ পৰ্তুগালৰ অভিযান আৰম্ভ হ’ল এক হতাশাজনক ফলাফলেৰে। গ্ৰুপৰ তুলনামূলকভাৱে সহজ প্ৰতিদ্বন্দ্বী বুলি ধৰা হৈছিল কংগো ডিআৰক, কিন্তু ৫২ বছৰৰ পিছত বিশ্বকাপলৈ উভতি অহা দলটোৱে শক্তিশালী ৰক্ষণৰ জৰিয়তে পৰ্তুগালক ১-১ গ’লৰ ড্ৰত আবদ্ধ কৰি ৰাখে।

মেচখনৰ আৰম্ভণিতেই ষষ্ঠ মিনিটত জোয়াও নেভেছে হেডাৰৰ সহায়ত গ’ল কৰি পৰ্তুগালক আগুৱাই দিয়ে। তেতিয়া ধাৰণা কৰা হৈছিল যে আন শক্তিশালী দলসমূহৰ দৰেই পৰ্তুগালেও সহজে জয় লাভ কৰিব। কিন্তু প্ৰথম গ’লৰ পিছতেই কংগোৰ খেলুৱৈসকলে দৃঢ় ৰক্ষণ গঢ়ি তোলে আৰু দ্বিতীয় গ’লৰ সুযোগ নিদিয়ে।

প্ৰথমাৰ্ধৰ সংযোজিত সময়ৰ পঞ্চম মিনিটত কংগোৰ তাৰকা ষ্ট্ৰাইকাৰ ইয়োৱানে উইছাই শক্তিশালী হেডাৰৰ জৰিয়তে স্ক’ৰ ১-১ কৰে। এই গ’লটোৰ ক্ষেত্ৰত পৰ্তুগালৰ ৰক্ষণভাগৰ দুৰ্বলতা স্পষ্টভাৱে পোহৰলৈ আহে। কৰ্ণাৰৰ সময়ত উইছাক কোনো ৰক্ষণাত্মক খেলুৱৈয়ে মাৰ্ক নকৰাত তেওঁ সহজেই গ’ল কৰিবলৈ সক্ষম হয়।

মেচখনত ৭৫ শতাংশ সময় বল নিজৰ দখলত ৰাখিছিল পৰ্তুগালে। তথাপিও গ’লৰ দিশত আক্ৰমণৰ ক্ষেত্ৰত কংগোৰ তুলনাত পিছ পৰি থাকে দলটো। কংগোৱে অধিক শ্বট মাৰে আৰু অধিক বিপজ্জনক আক্ৰমণ চলায়।

বিশেষভাৱে হতাশজনক প্ৰদৰ্শন কৰে ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে। সতীৰ্থসকলে একাধিক ভাল সুযোগ সৃষ্টি কৰিলেও ষ্ট্ৰাইকাৰ হিচাপে খেলি ৰ’নাল্ডোৱে এবাৰো স্ক’ৰ কৰিব নোৱাৰিলে।

মেচখন ড্ৰৰে শেষ হোৱাৰ পিছত কংগো ডিআৰে সাময়িকভাৱে পৰ্তুগাল আৰু কলম্বিয়াৰ সৈতে থকা গ্ৰুপটোৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে, বিশ্বকাপ অভিযানৰ আৰম্ভণিতে অপ্রত্যাশিত ফলাফলৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে পৰ্তুগাল।

ডিজিটেল ডেস্ক, ১৮ জুন

You might also like