নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NEET-2026 : ৰাজ্যৰ ৮৭ পৰীক্ষা কেন্দ্রৰ নিৰাপত্তাক লৈ কঠোৰ মুখ্যমন্ত্ৰী

নীট–ইউজি পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে কঠোৰ ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ লোকসেৱা ভৱনত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চ অনুষ্ঠিত কৰি ২১ জুনত পুনৰ অনুষ্ঠিত হ’বলগা নীট–ইউজি পৰীক্ষাৰ সময়ছোৱাত কঠোৰ নিৰাপত্তা ব্যৱস্থা আৰু এলানি নীতি–নির্দেশনা বলৱৎ কৰাৰ নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷

উল্লেখ্য যে এই পৰীক্ষাৰ বাবে ৰাজ্যৰ মুঠ ৪৩,৩১৯গৰাকী পৰীক্ষার্থীয়ে পঞ্জীয়ন কৰিছে৷ ৰাজ্যখনৰ ১৭খন জিলাত মুঠ ৮৭টা কেন্দ্রত এই পৰীক্ষা অনুষ্ঠিত হ’ব৷ এই পৰীক্ষা সম্পূর্ণ মুক্ত, নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো পৰীক্ষা কেন্দ্র পৰিদর্শন কৰি নিৰাপত্তা ব্যৱস্থা, আন্তঃগাঁথনিৰ প্রস্তুতি আৰু পৰীক্ষাৰ দিনটোৰ লজিষ্টিক ব্যৱস্থাৰ বুজ ল’বলৈ নির্দেশ দিয়ে৷

ইয়াৰ উপৰি তেওঁ পৰীক্ষাৰ দিনটোৰ পূর্বেই সকলো কেন্দ্রতে চিচি টিভি ব্যৱস্থা, বায়’মেট্ৰিক সৰঞ্জাম আৰু ছিগনেল জামাৰৰ এক বাধ্যতামূলক কাৰিকৰী অ’ডিট আৰু ড্রাই ৰান সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে৷

নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ মুখ্যমন্ত্রীয়ে সকলো পৰীক্ষা কেন্দ্রৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত ১৪৪ ধাৰা জাৰি কৰিবলৈ নির্দেশ দিয়ে৷ এই নিষেধাজ্ঞাসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে পর্যাপ্ত প্রচাৰ চলাবলৈও তেওঁ নির্দেশ দিয়ে, যাতে পৰীক্ষার্থীৰ বাদে আন কোনো লোক পৰীক্ষা কেন্দ্রৰ ওচৰলৈ যাব নোৱাৰে৷

ইয়াৰ উপৰি তেওঁ সকলো পৰীক্ষা কেন্দ্রতে পর্যাপ্তসংখ্যক মহিলা আৰক্ষী মোতায়েন কৰাৰ নির্দেশ দিয়ে৷ পৰীক্ষার্থীৰ পৰীক্ষণ সম্পর্কে নেচনেল টেষ্টিং এজেঞ্চীৰ নীতি–নির্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ ওপৰত মুখ্যমন্ত্রীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে৷

তেওঁ নির্দেশ দিয়ে যে পৰীক্ষণ ব্যৱস্থা অতি দৃঢ়তাৰে, পেছাদাৰীভাৱে আৰু ভদ্রতাৰে কৰিব লাগিব, যাতে কোনোধৰণৰ অসৎ উপায় অৱলম্বনৰ চেষ্টাৰ বিৰুদ্ধে সর্বোচ্চ সতর্কতা অৱলম্বন কৰাৰ লগতে পৰীক্ষার্থীসকলে কোনো ধৰণৰ অসুবিধা বা অস্বস্তিৰ সন্মুখীন হ’বলগীয়া নহয়৷

মুখ্যমন্ত্রী ড০ শর্মাই চিচি টিভি নিৰীক্ষণৰ বাবে প্রতিখন জিলাতে এজন ন’ডেল অফিচাৰ নিযুক্তি দিবলৈ আৰু নিয়মীয়াকৈ চিচি টিভি ফুটেজৰ আকস্মিক পৰীক্ষা কৰিবলৈ নির্দেশ দিয়ে৷ প্রশ্নকাকতৰ নিৰাপত্তা সন্দর্ভত তেওঁ নির্দেশ দিয়ে যে প্রশ্নকাকত জমা থকা বেংকৰ ল’কাৰসমূহৰ ব্যৱহাৰ কঠোৰভাৱে নিয়ন্ত্রণ কৰিব লাগিব৷

তেওঁ কয় যে কোনো ব্যক্তিক কেৱল অত্যন্ত জৰুৰী পৰিস্থিতিত আৰু জিলা দণ্ডাধীশৰ পূর্ব অনুমোদনসাপেক্ষেহে ল’কাৰ গৃহত প্রৱেশৰ অনুমতি দিয়াৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ ইয়াৰ উপৰি তেনে ল’কাৰসমূহৰ নিৰাপত্তা আৰু নিৰীক্ষণৰ বাবে প্রতিখন জিলাতে উপ–আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াক দায়িত্ব অর্পণ কৰিবলৈ তেওঁ নির্দেশ দিয়ে৷

বৈঠকত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ বিষয়াসকলে অৱগত কৰে যে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ কার্যালয়ত এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হ’ব আৰু এই কেন্দ্র ১৯ জুনৰ পৰা কার্যক্ষম হৈ থাকিব৷ পৰীক্ষাৰ দিনা পৰীক্ষার্থীসকলৰ যাতায়াত সহজ কৰি তুলিবলৈ বৈধ এডমিট কার্ড দেখুৱালে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়া যাতায়াতৰ সুবিধা প্রদান কৰা হ’ব৷

এই পর্যালোচনা বৈঠকত মুখ্য সচিব ড০ ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব (গৃহ) অজয় তিৱাৰী, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব ড০ কে কে দ্বিবেদী, বিশেষ ডিজিপি মুন্না প্রসাদ গুপ্তা, বিশেষ এডিজিপি (এছ বি) হীৰেন নাথ, আইজিপি (আইন–শৃংখলা) অখিলেশ সিং, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত তথা সচিব ড০ সিদ্ধার্থ সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ নেচনেল টেষ্টিং এজেঞ্চীৰ মহানির্দেশক অভিষেক সিঙে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বৈঠকত অংশগ্রহণ কৰে৷

ডিজিটেল ডেস্ক, ১৮ জুন

You might also like