ডিজিটেল ডেস্ক, বাইহাটা চাৰিআলি, ২১ জুন : ২০২৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ ভাৰত বিকাশ যাত্ৰাৰ কাৰ্যসূচীত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বেজেৰা পঞ্চায়তৰ অন্তৰ্গত শৰাইঘাট গাঁৱৰ ধৃতিৰাজ চমুৱা পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে।
তথ্য অনুসৰি, ২০২৫ চনৰ প্ৰধানমন্ত্ৰীৰ ভাৰত বিকাশ যাত্ৰা কাৰ্যসূচীত এইগৰাকী মেধাৱী ছাত্ৰ ধৃতিৰাজ চমুৱাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত নাৰী সবলীকৰণ প্ৰসংগত দীঘলীয়া বক্তৃতা প্ৰদান কৰি প্ৰশংসিত হৈছিল। কটন বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগ বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষা সমাপ্ত কৰা ছাত্ৰ ধৃতিৰাজ চমুৱাই চলিত মাহত দেশৰ ভিতৰতে আন এক বিৰল কৃতিত্ব অৰ্জন কৰাৰ খবৰ পোৱা গৈছে।
উল্লেখ্য যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা ভিডিঅ’ / ৰিল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ চমুৱাই। বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ আঁচনিখনৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে প্ৰচাৰ-প্ৰসাৰ তথা জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল/ৰিল প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ চমুৱাই অংশগ্ৰহণ কৰিছিল।
কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৬০ ছেকেণ্ডৰ এই ভিডিঅ’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ধৃতিৰাজ চমুৱাৰ ঘৰ কামৰূপ জিলাৰ দুমুনিচকীৰ ওচৰৰ শৰাইঘাট গাঁৱত। জানিব পৰা মতে, ধৃতিৰাজ চমুৱাৰ পিতৃ পুলক চমুৱা গুৱাহাটীৰ হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু মাতৃ চিত্ৰলেখা নাথ চমুৱা উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শালমাৰা গাঁৱৰ গাঁওপ্ৰধান। অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভাগীয় মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমত ইতিমধ্যে প্ৰকাশ কৰা মতে, ধৃতিৰাজ চমুৱাই কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অহা ২৮ আৰু ২৯ জুনত নতুন দিল্লীত আয়োজন কৰা ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলন ২০২৬ৰ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পৰা প্ৰতিযোগিতাৰ বিজয়ী বঁটা গ্ৰহণ কৰিব।
জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত আন কেইবাটাও মাধ্যমত অংশগ্ৰহণ কৰি যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা ধৃতিৰাজ চমুৱাই যোৱা বছৰ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাৰ চিনস্বৰূপে পদকসহ দুবাৰ সন্মান প্ৰদান কৰিছে। জানিব পৰা মতে, ধৃতিৰাজ চমুৱাই প্ৰয়াত জুবিন গাৰ্গৰ জীৱন আৰু সংগীত বিষয়ত পি এইচ ডি কৰিবলৈ সাজু হৈছে। চলিত বৰ্ষত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হোৱা ধৃতিৰাজ চমুৱাই কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশৰ ভিতৰতে প্ৰথম স্থান লাভেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ স্বীকৃতিৰ চিনস্বৰূপে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী অতুল বৰা, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথ আৰু বাইহাটা চাৰিআলি সাংবাদিক সন্থাই শুভেচ্ছা জনায়।