নিয়মীয়া বাৰ্তা, ডবকা, ২১ জুন : অবৈধ জুৱা আৰু বেটিংৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে ডবকা আৰক্ষীয়ে। এই অভিযানৰ অংশ হিচাপে ডবকা নগৰৰ ১০ নং ৱাৰ্ডত গোপন তথ্যৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত দুজন অভিযুক্ত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, উক্ত অঞ্চলত গোপনে জুৱা আৰু বেটিং চলি থকাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযানৰ পৰিকল্পনা কৰে। পৰৱৰ্তী সময়ত জুৱা খেল চলি থকা অৱস্থাতে আৰক্ষীৰ এটা দলে হঠাতে অভিযান চলাই দুজনক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন দুজন হৈছে ডবকা টাউন ১০নং ৱাৰ্ডৰ বাসিন্দা নুৰ উদ্দিনৰ পুত্ৰ বাহাৰ উদ্দিন (৪০) আৰু মফিজ উদ্দিনৰ পুত্ৰ নিচাৰ উদ্দিন (২৭) বুলি জানিব পৰা গৈছে।
অভিযান চলোৱাৰ সময়ত আৰক্ষীয়ে দুয়োৰে পৰা নগদ ৫৬০ টকা, দুটা মোবাইল ফোন আৰু জুৱা খেলত ব্যৱহৃত তাচপাতসহ বিভিন্ন সামগ্ৰী জব্দ কৰে। জব্দকৃত সামগ্ৰীসমূহ অধিক তদন্তৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।
এই ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় সচেতন মহলে আৰক্ষীৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে অবৈধ জুৱা, বেটিং আৰু সমাজবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে এনে অভিযান আগন্তুক দিনতো অব্যাহত ৰাখিবলৈ দাবী জনাইছে।
ডবকা আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আইন ভংগকাৰী যিকোনো কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু অবৈধ জুৱা–বেটিং নিয়ন্ত্ৰণৰ বাবে এনে অভিযান আগন্তুক দিনতো অব্যাহত থাকিব।