নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰ : গুৱাহাটীৰ পৰা UAE-Dubaiলৈ পোনপটীয়া বিমান সেৱা

অসমক বিশ্বৰ সৈতে অধিক সংযোগ স্থাপনৰ নতুন দিগন্ত মুকলি হৈছে! এই সুখবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ড০ শৰ্মাই সামাজিক মাধ্যম এক্সত এক পোষ্টৰ জৰিয়তে জনালে যে এতিয়াৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব এয়াৰ ইণ্ডিয়াই।

সামাজিক মাধ্যমত ড০ শৰ্মাই কৰা পোষ্ট অনুসৰি, ইউৰোপীয় সংঘ (EU)-ৰ সদস্য ৰাষ্ট্ৰসমূহে অসমৰ ওপৰত আৰোপ কৰা ভ্ৰমণ পৰামৰ্শ প্ৰত্যাহাৰ কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতেই অহা ৪ আগষ্টৰ পৰা এয়াৰ ইণ্ডিয়াই গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবীলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে।

এই নন-ষ্টপ বিমান সেৱাৰ জৰিয়তে গুৱাহাটী বিমানবন্দৰ এতিয়া সংযুক্ত হ’ব সংযুক্ত আৰব আমিৰাত, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানকে ধৰি চাৰিখন দেশৰ সৈতে।

তেওঁ আৰু কয় যে পৰৱৰ্তী সময়ত ভিয়েটনামলৈও পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ চিন্তা-চৰ্চা চলি আছে।

দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূৰ্ণ ভ্ৰমণ আৰু ট্ৰানজিট কেন্দ্ৰ হিচাপে গুৱাহাটীক প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত এয়া এক বৃহৎ উৎসাহজনক পদক্ষেপ হিচাপে বিবেচিত হৈছে।

ডিজিটেল ডেস্ক, ২২ জুন

You might also like