ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ ষ্টাৰমাৰৰ, কোন হ’ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী?
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই সোমবাৰে (২২ জুন) তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা কৰে। ষ্টাৰমাৰে কয়, “মই মোৰ অতি প্ৰিয় দেশখনৰ মংগলৰ বাবেই প্ৰতিটো সিদ্ধান্ত লৈছিলোঁ, আৰু সেই কাৰণেই মই এই পদৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছোঁ।” অৱশ্যে নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত নোহোৱালৈকে তেওঁ কাৰ্যবাহী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি যাব।
লেবাৰ পাৰ্টীৰ ভিতৰত বাঢ়ি অহা চাপৰ মাজতে আগতেই অনুমান কৰা হৈছিল যে তেওঁ সোমবাৰে পদত্যাগ ঘোষণা কৰিব। মাত্ৰ দুবছৰ পূৰ্বে ষ্টাৰমাৰৰ নেতৃত্বত লেবাৰ পাৰ্টীয়ে ১৭৪খন আসন লাভ কৰি বৃহৎ বিজয় সাব্যস্ত কৰিছিল। সেই বিজয়ক দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰত্যাৱৰ্তন হিচাপে ধৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত একাধিক বিতৰ্ক আৰু নীতিগত পৰিৱৰ্তনৰ বাবে তেওঁৰ নেতৃত্ব নিৰন্তৰ চাপৰ সন্মুখীন হৈছিল।
বিশেষকৈ বৃদ্ধসকলৰ শীতকালীন ইন্ধন সহায়ক পেমেণ্ট সম্পৰ্কীয় সিদ্ধান্ত আৰু পিটাৰ মেণ্ডেলছনক ৱাশ্বিংটনত ব্ৰিটেইনৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়াক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। এই ঘটনাসমূহে তেওঁৰ নেতৃত্বৰ সক্ষমতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে দলৰ ভিতৰত অসন্তোষ বৃদ্ধি কৰিছিল। সাম্প্ৰতিক জনমত সমীক্ষাত লেবাৰ পাৰ্টীৰ জনসমৰ্থন হ্ৰাস পোৱাৰ লগতে ষ্টাৰমাৰৰ ব্যক্তিগত জনপ্ৰিয়তাও নিম্নগামী হৈছিল।
দলৰ একাধিক সাংসদে সতৰ্কবাণী উচ্চাৰণ কৰি কৈছিল যে নেতৃত্বত পৰিৱৰ্তন নানিলে আগন্তুক নিৰ্বাচনত লেবাৰ পাৰ্টীয়ে বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব পাৰে আৰু ‘ৰিফৰ্ম ইউকে’ৰ নেতা নাইজেল ফাৰাজৰ ক্ষমতালাভৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এই পৰিস্থিতিৰ ফলতেই দলৰ ভিতৰত নেতৃত্ব পৰিৱৰ্তনৰ দাবী জোৰদাৰ হৈছিল।
কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী পদৰ দৌৰত লেবাৰ পাৰ্টীৰ নেতা এণ্ডি বাৰ্নহামক সৰ্বাধিক শক্তিশালী দাবীদাৰ হিচাপে দেখা গৈছে। শেহতীয়াকৈ উত্তৰ ইংলেণ্ডৰ মেকাৰফিল্ড আসনৰ উপ-নিৰ্বাচনত তেওঁৰ জয়ৰ পিছত তেওঁৰ স্থিতি অধিক মজবুত হৈছে। আনহাতে, প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ৱেছ ষ্ট্ৰিটিংয়েও নেতৃত্বৰ দৌৰত নামিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে যদিও দলৰ বহু সাংসদ সম্ভাৱ্য বিজয়ীৰ দিশে থকা বাবে তেওঁৰ সমৰ্থনক লৈ অনিশ্চয়তা অব্যাহত আছে।
দলীয় নিয়ম অনুসৰি নেতৃত্বৰ প্ৰত্যাহ্বান উত্থাপন কৰিবলৈ কমেও ২০ শতাংশ সাংসদৰ সমৰ্থন প্ৰয়োজন, অৰ্থাৎ প্ৰায় ৮১ জন সাংসদৰ সমৰ্থন নিশ্চিত কৰিব লাগিব।
ডিজিটেল ডেস্ক, ২২ জুন