নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টত নতুন দিল্লীত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ

ভাৰতীয় বেডমিণ্টন সন্থাই অহা ১৭-২৩ আগষ্টলৈ নতুন দিল্লীত আয়োজন কৰিব লগা বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬ ৰ টিকট বিক্ৰী আজিৰে পৰা আৰম্ভ হৈছে৷ দৰ্শকে বাইৰ অফিচিয়েল টিকেটিং এজেন্সী ‘বুক মাই শ্ব’ৰ জড়িয়তে মেগা প্ৰতিযোগিতাখনৰ টিকট ক্ৰয় কৰিব পাৰিব৷

উল্লেখ্য যে সুদীৰ্ঘ ১৭ বছৰ পাছত ভাৰতত হ’বলগা প্ৰতিযোগিতাখন নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ দৰ্শকৰ বাবে প্ৰায় ছহেজাৰ ভিন্ন কেটেগেৰীৰ টিকট মুকলি কৰা হৈছে৷ সৰ্বনিম্ন টিকটৰ মূল্য হ’ল ৪৯৯ টকা৷ আনহাতে, প্ৰিমিয়াম আসনৰ মূল্য ৫,৫০০ টকা৷

স্মৰ্তব্য যে ২০০৯ চনত হায়দৰাবাদত বি ডব্লিউ এফে অন্তিমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপ আয়োজন কৰিছিল৷ কাৰ্যতঃ তেতিয়াৰে পৰাই ভাৰতীয় বেডমিণ্টনৰ এক সোণালী যাত্ৰাও আৰম্ভ হয়৷ ইফালে, ২০১১ চনৰ পৰা ভাৰতে প্ৰতিটো সংস্কৰণতে পদক জয় কৰি বেডমিণ্টনৰ অন্যতম আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ তথা প্ৰতিষ্ঠা লাভ কৰিছে৷

এইবাৰ লক্ষ্য সেন, পি ভি সিন্ধু, সাতৱিকচৈৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীকে ধৰি ভাৰতৰ তাৰকা শ্বাটলাৰসকলে প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব৷ ইফালে ভাৰতীয় তাৰকাৰ লগতে বিশ্ব বেডমিণ্টনৰ আইকন এন চে-ইয়ং, চীনৰ শ্বি ইউ কি আৰু লি শ্বি ফেং, ইণ্ডোনেছিয়াৰ যুটি ফাজাৰ আলফিয়ান আৰু মহম্মদ শ্বোহিবুল ফিক্ৰিৰ দৰে তাৰকা শ্বাটলাৰৰ খেল স্থানীয় অনুৰাগীয়ে ঘৰত উপভোগ কৰিব পাৰিব৷

ডিজিটেল ডেস্ক, ২২ জুন

You might also like