নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত মাছ ধৰিবলৈ এজন যুৱক নিখোজ

ঢকুৱাখনাখনাত মাছ ধৰিবলৈ এজন যুৱক নিখোঁজ

SDRF ৰ সহযোগত আৰক্ষীয়ে চলাইছে সন্ধান

 

এংকৰ:- ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত চাৰিকড়ীয়াৰ বৰবিল জানত যোৱানিশা উজানৰ মাছ মাৰিবলৈ গৈ তীব্ৰ সোঁতত উটি এজন যুৱক নিখোজ হোৱাৰ ঘটনাই সোণাৰি চাপৰি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিখোজ হোৱা যুৱকজনৰ নাম যুগল খনিকৰ (২৭, পিতৃ- ৰাজেন খনিকৰ)। যুৱকজন ঘৰৰ একমাত্ৰ পুত্ৰ আছিল। যোৱানিশা প্ৰায় ১:৩০ মানত দুজন বন্ধুৰ সৈতে উজানৰ মাছ ধৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।

সেই সময়তে তীব্ৰ সোঁত থকা এটা জান সাঁতুৰি পাৰ হওঁতেই নিখোজ হোৱাৰ সন্দেহ কৰা হৈছে‌। ইতিমধ্যেই পুৱাৰে পৰা সোণাৰি চাপৰি আৰক্ষীয়ে SDRF বাহিনীৰ সহযোগত যুৱকজনৰ সন্ধানত অভিযান চলাই আছে।

ডিজিটেল ডেস্ক, ২৩ জুন

You might also like