নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংখধ্বনি–উৰুলিৰ মাজেৰে কামাখ্যাধামত আৰম্ভ অম্বুবাচী মহাযোগ

‘কামাখ্যা বৰদে দেৱী, নীল পর্বতবাসিনী– তম দেৱী জগতম মাতা, যোনী মুদ্রে নমঃস্তুতে৷৷’ ভক্তপ্রাণ লোকৰ শংখধ্বনি, আয়তীৰ উৰুলিৰ মাজেৰে আজিৰে পৰা দেশৰ অন্যতম শক্তিপীঠ নীলাচল পাহাৰস্থিত কামাখ্যাধামত অনুষ্ঠিত হ’ল অম্বুবাচী মহাযোগ৷

তান্ত্রিক সাধনা, শক্তিৰ উপাসনা আৰু আধ্যাত্মিকতাৰ মিলনেৰে আজিৰে পৰা অহা ২৬ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া দেৱী কামাখ্যাৰ ঐশ্বৰিক শক্তিসম্পন্ন এই অনুষ্ঠানত অংশ ল’বলৈ দেশ–বিদেশৰ পৰা বহুসংখ্যক সাধু–সন্ন্যাসী কামাখ্যাধামত উপস্থিত হৈছে৷

কালি নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্রবৃত্তিৰ লগে লগে বন্ধ কৰা হ’ল কামাখ্যাধামৰ মূল দুৱাৰ৷ শক্তি সাধনাৰ বৃহৎ উৎসৱ অম্বুবাচীক লৈ আজিৰে পৰা সজীৱ হৈ পৰিল নীলাচল পাহাৰ৷ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীও হৈ পৰিছে ভক্তপ্রাণ লোকৰ পদধূলাৰে উখল–মাখল৷

অকল শক্তি সাধনাই নহয়, অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিকতাৰ পৰিচয়ৰো গুৰুত্বপূর্ণ অংশ হৈছে অম্বুবাচী মহাযোগ৷ এই সময়ছোৱাত জনবিশ্বাস অনুসৰি ঋতুমতী হয় বসুমতী৷ অসমৰ নাৰী সমাজক প্রতিনিধিত্ব কৰা দেৱী কামাখ্যাও ঋতুমতী হয় আৰু এইবাবেই প্রচলিত পৰম্পৰাক প্রাধান্য দি তিনি দিনলৈ সম্পূর্ণৰূপে বন্ধ হৈ পৰে কামাখ্যা মন্দিৰৰ লগতে ৰাজ্যৰ সকলো মঠ–মন্দিৰৰ নিত্য–নৈমিত্তিক পূর্জা–র্চনা৷ অম্বাবাচীৰ শক্তি সাধনাৰ অংশীদাৰ হ’বলৈ দেশৰ লগতে বিদেশৰ পৰাও আহিছে অসংখ্য ভক্তপ্রাণ৷ সাত্ত্বিক ফলাহাৰেৰে সম্পূর্ণ ব্রত পালন কৰি সাধুসকলে তান্ত্রিক শক্তি প্রাপ্তিৰ বাবে এইকেইদিন দেৱীক পূজা–অর্চনা কৰিব৷

এক অর্থত ক’বলৈ হ’লে হোমযজ্ঞ, আহুতিৰে এইকেইদিন সম্পূর্ণ পৱিত্র হৈ পৰিব নীলাচলৰ বায়ুমণ্ডল৷ চৌদিশে দেৱী কামাখ্যাৰ নাম স্মৰণেৰে মহানগৰী গুৱাহাটীও হৈ পৰিব দ্বিতীয় বৈকুণ্ঠপুৰী৷

অকল সাধু–সন্ন্যাসীয়েই নহয়, দেৱীৰ এই মহাআয়োজনত অংশ ল’বলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা দলেবলে আহিছে সাধাৰণ লোক৷ কামাখ্যাধামত হ’বলগীয়া প্রচণ্ড ভিৰৰ প্রতি লক্ষ্য ৰাখি ২৬ জুনলৈকে নামনি কামাখ্যাৰ পৰা কামাখ্যা দেৱালয়লৈ যান–বাহনৰ চলাচল নিষিদ্ধ কৰিছে মহানগৰ আৰক্ষীয়ে৷ পদব্রজে ৰাইজে নামনি কামাখ্যাৰ পৰা দেৱালয়লৈ যাত্রা কৰিব লাগিব৷

প্রশাসনক সম্পূর্ণ সহযোগ কৰি কোনো ধৰণৰ অসন্তুষ্টি নকৰাকৈ ৰাইজেও মা কামাখ্যাৰ নাম–জপ কৰি আজি দিনৰ ভাগৰে পৰা যাত্রা আৰম্ভ কৰিছে৷ মাজে মাজে দুই–এজাক বৰষুণো আহিছে৷ কিন্তু দেৱী কামাখ্যা নামৰ শক্তিৰ মাহাত্ম্য উপলব্ধি কৰি ৰাইজে সকলো দুখ–বেজাৰ একাষৰীয়া কৰি থৈ কেৱল অম্বুবাচী ব্রতৰ অংশীদাৰ হ’বলৈ যাত্রা আৰম্ভ কৰিছে৷

অৱশ্যে যাত্রীসকলৰ সুবিধার্থে এইবাৰ কামাখ্যা দেৱালয়ৰ তৰফৰ পৰা মন্দিৰ চৌহদলৈ সমগ্র পথটোতে পাৰি দিয়া হৈছে সেউজীয়া কার্পেট৷ প্রচণ্ড ৰ’দত ৰাজপথ উত্তপ্ত হৈ পৰাৰ পৰিপ্রেক্ষিতত বহু যাত্রীয়ে খালী ভৰিৰে যাত্রা কৰাত অসুবিধাৰ সন্মুখীন হয়৷

গতিকে, যাত্রীৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি এইবাৰ এনে ব্যৱস্থা গ্রহণ কৰিছে দেৱালয় পৰিচালনা সমিতিয়ে৷ তদুপৰি সমগ্র পথছোৱাত স্বচ্ছতা অটুট ৰাখিবলৈও গুৱাহাটী পৌৰ নিগমকে ধৰি বিভিন্ন বেচৰকাৰী সংস্থাই সম্ভৱপৰ সকলো প্রয়াস অব্যাহত ৰাখিছে৷ আজি পাণ্ডু বন্দৰত আয়োজিত এক অনুষ্ঠানত অম্বুবাচী মহাযোগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পর্যটন মন্ত্রী অজন্তা নেওগে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রয়াসক স্বীকাৰ কৰি পর্যটন মন্ত্রী নেওগে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচেষ্টাৰ বাবেই কামাখ্যাধামৰ অম্বুবাচী মেলাই সমগ্র দেশজুৰি ৰাইজৰ গুৰুত্ব লাভ কৰিছে৷ নীলাচল পাহাৰৰ কামাখ্যাধামক ভাৰতবর্ষৰ প্রাচীন ধর্মীয় স্থান বুলি উল্লেখ কৰি মন্ত্রী নেওগে কয় যে দেৱী কামাখ্যাৰ এই উৎসৱৰ বাবে ভাবিব নোৱাৰাকৈয়ে ধর্মীয় পর্যটনৰ এক আধ্যাত্মিক পৰিৱেশ অসমত ৰচনা হৈছে৷

এই আধ্যাত্মিক পৰিৱেশ সম্পূর্ণ শৃংখলাবদ্ধভাৱে হোৱাৰ কামনা কৰি মন্ত্রী নেওগে কয় যে অতিথি পৰায়ণতাৰ বাবে সমগ্র ভাৰতবর্ষতে অসমৰ সুনাম আছে৷ ইয়ালৈ অহা প্রতিগৰাকী ভক্ত–তিথিক সেৱা প্রদান কৰাই আমাৰ উদ্দেশ্য৷ ইয়াৰ লগতে সু–শৃংখলিত ব্যৱস্থা সকলোৱে বর্তাই ৰাখিব লাগিব৷

বিগত ২০১৩ বর্ষৰ পৰা অম্বুবাচী মেলাত ভক্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে এইবাৰ ৮ লক্ষাধিক ভক্তৰ সমাগম হ’ব বুলি আশা কৰিছোঁ৷ ভক্তৰ আগমনে ৰাজ্যখন যে সকলো দিশতে আগুৱাই গৈছে ইয়াৰ শুভ সংকেত প্রদান কৰিছে৷ কামাখ্যা দেৱীয়ে সমগ্র ৰাজ্যবাসীক আশীর্বাদ প্রদান কৰিছে৷

সেইবাবেই অম্বুবাচী মহাযোগৰ এটা বিশেষ গুৰুত্ব আছে৷ মন্ত্রীগৰাকীয়ে বিভাগীয় বিষয়া–কর্মচাৰীৰ লগতে অম্বুবাচী পৰিচালনাৰ সৈতে জড়িত সকলো চৰকাৰী–বেচৰকাৰী সংস্থাক সম্পূর্ণ সু–শৃংখলিতভাৱে অম্বুবাচী মহাযোগৰ বৃহৎ আয়োজনক আগুৱাই নিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে অহা ২৫ জুনৰ মাজনিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ’ব৷

অৱশ্যে নিশাই মন্দিৰ খোলা নহয়৷ ২৬ জুনৰ পুৱা নিত্য–নৈমিত্তিক পূজা–র্চনাৰ পিছতেই প্রায় ৯ বজাত ভক্তপ্রাণ লোকৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব৷ অৱশ্যে ২৬ আৰু ২৭ জুনত কোনো ধৰণৰ বিশেষ ভিভিআইপি দর্শনৰ ব্যৱস্থা নাথাকে বুলিও দেৱালয় পৰিচালনা সমিতিয়ে সদৰী কৰিছে৷ ভক্তৰ সমাগম কমাৰ পিছতে পূর্বৰ দৰে ভিভিআইপি দর্শনৰ ব্যৱস্থা পুনৰ মুকলি কৰা হ’ব৷

যি কি নহওক, শক্তি সাধনাৰ অন্যতম বৃহৎ উৎসৱ অম্বুবাচীৰ মাহাত্ম্যই গুৱাহাটী মহানগৰীক দেশৰ পর্যটন মানচিত্রত গুৰুত্ব প্রদান কৰাৰ লগতে অসমৰ নামো ৰাষ্ট্রীয় প্রেক্ষাপটত উজলাই তুলিছে৷ এই সকলো সম্ভৱপৰ হৈছে মাথোঁ দেৱী কামাখ্যাৰ আশীর্বাদৰ বাবেহে৷

You might also like