সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পূৰ্ণ নহ’ল। শুনানিৰ সময়ত সন্দীপন গাৰ্গৰ পক্ষৰ অধিবক্তাই নিজৰ যুক্তি দাখিল কৰে আৰু সেই যুক্তি ন্যায়াধীশে শুনে।
অৱশ্যে, চৰকাৰী পক্ষৰ যুক্তি এতিয়াও শুনা হোৱা নাই। সেইবাবে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ১৫ জুলাই নিৰ্ধাৰণ কৰা হৈছে।
১৫ জুলাইত চৰকাৰী অধিবক্তাই নিজৰ বক্তব্য দাখিল কৰিব আৰু তাৰ পিছত ন্যায়ালয়ে জামিন আবেদন সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব। গোচৰটোক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক আগ্ৰহ অব্যাহত আছে।
ডিজিটেল ডেস্ক, ২৩ জুন