তামুলপুৰত ২৫ অৱসৰী কৰ্মচাৰীক বিদায় সম্বৰ্ধনা
তামুলপুৰ জলসিঞ্চন সংমণ্ডলৰ অধীনৰ ২৫গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীক আজি কাৰ্যালয়টোৰ কৰ্মচাৰী কল্যান সমিতিৰ উদ্যোগত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
তামুলপুৰ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দীপজ্যোতি বৈশ্যৰ সভাপতিত্বত আৰু কাৰ্যালয়টোৰ কৰ্মচাৰী নৱীন কলিতাই আঁত ধৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানত অৱসৰী কৰ্মচাৰীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
সম্বৰ্ধনা অনুষ্ঠানত অৱসৰী কৰ্মচাৰী ভৱ বৰঠাকুৰে আৱেগিক হৈ কয়- ১৯৮৪ চনতে চাকৰিত যোগদান কৰি বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে আহি অৱসৰ গ্ৰহন কৰিছোঁ৷ বিএলটিৰ আন্দোলনৰ জটিল সন্ধিক্ষনত কাৰ্যালয়টো ৰঙিয়াৰ পৰা পৰিচালনা কৰা হৈছিল বুলি ব্যক্ত কৰে৷
কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক অমৰজ্যোতি ৰাভাই কয় – অৱসৰি কৰ্মচাৰীসকলে পেঞ্চনৰ কামৰ কাৰনে হাৰাশাস্তি খাব নালাগে বুলি মন্তব্য কৰি ১০/১৫ দিনৰ ভিতৰত সকলো কাম কৰি দিম বুলি ব্যক্ত কৰে৷ সভাত তামুলপুৰ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দীপজ্যোতি বৈশ্যই অৱসৰি কৰ্মচাৰীসকলৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি কৰ্মচাৰীসকলক মাজে-সময়ে কাৰ্যালয়ত আহি বন্ধুবৰ্গৰ সৈতে মতবিনিময় কৰাৰ আহ্বান জনায়৷
সভাত ২০২৫ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ মে’ মাহলৈ অৱসৰ গ্ৰহন কৰা ২৫ গৰাকী সম্বৰ্ধিত ব্যক্তিসকল ভৱ বৰঠাকুৰ (উচ্চ বৰ্গ সহায়ক), , গণেশ ডেকা, হেৰম্ব প্ৰসাদ শৰ্মা, প্ৰমোদ শৰ্মা, মংগল বড়ো, গোবিন্দ বড়ো, খগেন লহকৰ, জিতেন চন্দ্ৰ ডেকা, মহেশ্বৰ সৰকাৰ, মহেশ্বৰ কাকতি, দুৰ্গাৰাম নাথ, নিৰঞ্জন অধিকাৰী, মনোহৰ ডেকা, হৰেন মুছাহাৰী, প্ৰমোদ ৰাজবংশী, লংকেশ্বৰ ডেকা, শৰৎ চন্দ্ৰ দাস, জালালউদ্দিন আহমেদ, কৃষ্ণ বসুমতাৰী (শাখা সহায়ক), চুচেন বড়ো, থানেশ্বৰ বড়ো, কামিন বড়ো আৰু ৰমনী কলিতা আৰু সুৰেন চন্দ্ৰ বড়োক (চতুৰ্থ বৰ্গ) সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
সভাত কৰ্মচাৰী কল্যান সমিতিৰ সভাপতি দীপক কুমাৰ নাথ, সাধাৰন সম্পাদক নৱীন কলিতা, কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক অমৰজ্যোতি ৰাভা, সহকাৰী কাৰ্যবাহী অভিযন্তা চফিকুদ্দিন আহমেদ, কনিষ্ঠ অভিযন্তা হিতেশ দাসৰ উপৰিও কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷
নিয়মীয়া বাৰ্তা, তামুলপুৰ, ২৪ জুন