- নগাঁৱৰ কচুৱা হালধিবাৰীত মৰ্মান্তিক ঘটনা ৷
- পুখুৰীত পৰি একে পৰিয়ালৰে দুই কন্যা শিশুৰ কৰুণ মৃত্যু ৷
- মৃত শিশু দুটি ৮ বছৰীয়া আয়েশা ছিদ্দিকা আৰু ৭ বছৰীয়া চুমাইয়া আক্তাৰ ৷
- মংগলবাৰে বিয়লি খেলি থকা অৱস্থাত সন্ধানহীন হয় শিশু দুটি ৷
- নিশা পথৰ কাষত থকা এটা দ’ পুখুৰীত উদ্ধাৰ হয় দুয়োটা মৃতদেহ ৷
- কেনেকৈ দুই কন্যা শিশু পুখুৰীত পৰিল সেইয়া জানিব পৰা নাই ৷
- ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷
ডিজিটেল ডেস্ক, ২৪ জুন