নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াৰ বৰহাপজানত ৩ সুদখোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মায়ং কুমাৰৰ নিৰ্দেশত ডুমডুমা সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীয়ে ডুমডুমাৰ সমীপৰ বৰহাপজান নতুন বজাৰ অঞ্চলত অভিযান চলাই তিনিটা সুদখোৰক হাতেলোটে গ্ৰেপ্তাৰ কৰে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুদখোৰ তিনিটা ক্ৰমে নুৰ খান, প্ৰমোদ কুমাৰ চাহু আৰু আতুশ গুপ্তা ৷ ধৃত তিনিটাৰ বাসগৃহৰ পৰা ১৭ লাখ ৫০ হাজাৰ টকা, ৪১২ গ্ৰাম সোণৰ আ-অলংকাৰ, ৩০২ গ্ৰাম ৰূপৰ আ-অলংকাৰ, ৩খন বিলাসী গাড়ী, ৬খন বাইক, কেইবাটাও ম’বাইল ফোন, কেইবাখনো বেংক পাচবুক আৰু কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰে৷

অভিযানটোৰ নেতৃত্ব দিয়া ডুমডুমা সমজিলা আৰক্ষী অধীক্ষকে জানিব দিয়া মতে, ধৃত তিনিটাক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷

আৰক্ষী বিষয়াগৰাকীয়ে জানিব দিয়া মতে, সুদখোৰ ঘটনাত জড়িত ধৃত তিনিটাই সুদৰ টকা পৰিশোধ কৰিব নোৱাৰা ব্যক্তিৰ সম্পত্তি, সোণ-ৰূপৰ অলংকাৰ আৰু গাড়ী বাইক কাঢ়ি ৰাখিছিল ৷ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি তেওঁ জানিব দিছে ৷

ডিজিটেল ডেস্ক, ২৪ জুন

You might also like