নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেনিজুৱেলাত ভয়াৱহ ভূমিকম্পৰ তাণ্ডৱ, কমেও ৩২জন নিহত

ভেনিজুৱেলাত বুধবাৰে সন্ধিয়া এটাৰ পিছত এটাকৈ সংঘটিত দুটা শক্তিশালী ভূমিকম্পই ব্যাপক ধ্বংসযজ্ঞৰ সৃষ্টি কৰিছে। এই দুয়োটা ভূমিকম্পত এতিয়ালৈকে কমেও ৩২জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭০০জন আহত হোৱা বুলি নিশ্চিত কৰা হৈছে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।

স্থানীয় সময় অনুসৰি বুধবাৰে সন্ধিয়া ৬ বজাৰ কিছু সময় পিছত দেশখনৰ উত্তৰাঞ্চলত ৰিখ্টাৰ স্কেলত ৭.২ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্প সংঘটিত হয়। ইয়াৰ মাত্ৰ এক মিনিটৰো কম সময়ৰ ভিতৰত একেই অঞ্চলত পুনৰ ৭.৫ প্ৰাবল্যৰ আন এটা শক্তিশালী ভূমিকম্প আহে।

ভূমিকম্পৰ ফলত ৰাজধানী কাৰাকাছৰ বহু অট্টালিকা ক্ষতিগ্ৰস্ত আৰু ধ্বংসপ্ৰাপ্ত হৈছে। দেশখনৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগুৱেজে জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগতে ক্ষতিৰ বাবে কাৰাকাছস্থিত চিমন বলিভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সাময়িকভাৱে বন্ধ ঘোষণা কৰিছে।

আমেৰিকাৰ ভূতাত্ত্বিক সমীক্ষা সংস্থা (USGS)-ৰ তথ্য অনুসৰি, প্ৰথম ভূমিকম্পটো কাৰাকাছৰ প্ৰায় ১৬৮ কিলোমিটাৰ পশ্চিমত অৱস্থিত মৰন চহৰৰ ওচৰত সংঘটিত হয়। দ্বিতীয়টো ভূমিকম্পও একেই অঞ্চলৰ কাষতে সংঘটিত হৈছিল।

USGS-এ সতৰ্কবাণী জাৰি কৰি কৈছে যে এই দুৰ্যোগত ব্যাপক ক্ষয়-ক্ষতি আৰু অধিকসংখ্যক লোক হতাহত হোৱাৰ সম্ভাৱনা আছে। সংস্থাটোৰ মূল্যায়ন অনুসৰি, মৃত্যুৰ সংখ্যা ১০ হাজাৰৰ অধিক হোৱাৰ সম্ভাৱনা প্ৰায় ৪৪ শতাংশ।

এই দ্বৈত ভূমিকম্পৰ উৎপত্তিস্থল আছিল কাৰাকাছৰ পশ্চিমে অৱস্থিত য়াৰাকুই ৰাজ্য। প্ৰথমটো ভূমিকম্প ২২ কিলোমিটাৰ গভীৰতাত আৰু দ্বিতীয়টো ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল।

ভূমিকম্পৰ কম্পন কাৰাকাছৰ লগতে মধ্য আৰু পশ্চিম ভেনিজুৱেলাৰ বহু অঞ্চলত অনুভূত হয়। কেৱল ভেনিজুৱেলাই নহয়, চুবুৰীয়া কলম্বিয়া আৰু ব্ৰাজিলৰ আমাজন অঞ্চলতো কম্পন অনুভূত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, বুধবাৰে ভেনিজুৱেলাত ৰাষ্ট্ৰীয় বন্ধৰ দিন আছিল। ফলত বহু লোক নিজৰ বাসগৃহত উপস্থিত থকাৰ সময়তে এই শক্তিশালী ভূমিকম্প দুটাই আঘাত হানে। আমেৰিকাই ইতিমধ্যে চিকিৎসা আৰু মানৱীয় সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছে।

ডিজিটেল ডেস্ক, ২৫ জুন

You might also like