নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী চহৰৰ মেলা ঘাটত ডুবিল টুলুঙা নাও

ধুবুৰী চহৰৰ মাজমজিয়াৰ মেলা ঘাট সমীপৰ গদাধৰ নৈত আজি এখন টুলুঙা নাও বুৰ যোৱাৰ পিছত কথমপি ৰক্ষা পৰে কেইবাগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ সেইখনত থকা কেইবাগৰাকী অইন যাত্ৰীও।

জানিব পৰা মতে, প্ৰতিদিনৰ দৰে আজি এখন টুলুঙা নাও এখনেৰে ধুবুৰী চহৰত থকা নিজৰ নিজৰ বিদ্যালয়লৈ যাত্ৰা কৰিছিল ১৫-২০ গৰাকী মান ছাত্ৰ-ছাত্ৰী। নাওখনত আছিল অইন যাত্ৰীও।

কিন্তু, ধুবুৰী চহৰৰ গদাধৰ নৈৰ পাৰৰ মেলাঘাট পোৱাৰ আগে আগে অকষ্মাতে বুৰ যায় টুলুঙা সেই নাওখন। লগে লগে অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হয় যদিও পাৰঘাটটোত থকা লোক সকলে তৎপৰতাৰে নাওখনত থকা ছাত্ৰ-ছাত্ৰীকে ধৰি অইন যাত্ৰী সকলকো তৎপৰতাৰে উদ্ধাৰ কৰে।

আজিৰ এই দুৰ্ঘটনাটোত কোনে প্ৰাণহানি নহলেও মেলাঘাটেৰে গদাধৰ নৈৰে সদায় সদায় অহা-যোৱা কৰা কণ-কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰশাসন তথা সংশ্লিষ্ট বিভাগটোৱে সুৰক্ষিত নাওঁ চলাচলৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ জুন

You might also like