স্কটলেণ্ডক পৰাস্ত কৰি নকআউট পৰ্যায়ত প্ৰৱেশ ব্ৰাজিলৰ
ফিফা বিশ্বকাপ ২০২৬ৰ এখন গুৰুত্বপূৰ্ণ মেচত ব্ৰাজিলে স্কটলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰি ৰাউণ্ড অৱ ৩২-ত নিজৰ স্থান নিশ্চিত কৰিছে। মিয়ামিত অনুষ্ঠিত এই মেচত ব্ৰাজিলৰ হৈ তাৰকা ফুটবলাৰ ভিনিচিয়াছ জুনিয়ৰে দুটা গ’ল কৰাৰ লগতে মেথিউছ কুনিয়াই এটা গ’ল যোগ দিয়ে।
মেচৰ আৰম্ভণিৰে পৰা ব্ৰাজিলে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে। সপ্তম মিনিটতে স্কটলেণ্ডৰ ডিফেণ্ডাৰ স্কট মেককেনাৰ এক ডাঙৰ ভুলৰ সুযোগ লৈ ভিনিচিয়াছ জুনিয়ৰে প্ৰথম গ’লটো দিয়ে। প্ৰথমাৰ্ধৰ অন্তিম মুহূৰ্তত পুনৰ গ’ল কৰি নিজৰ ব্যক্তিগত দ্বিতীয় গ’ল সম্পূৰ্ণ কৰে ভিনিচিয়াছে।
দ্বিতীয়াৰ্ধত মেথিউছ কুনিয়াই আন এটা গ’ল কৰি ব্ৰাজিলৰ জয় নিশ্চিত কৰে। ইয়াৰ লগে লগে কাৰ্লো আনচেলত্তিৰ দলটোৱে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।
আনহাতে, স্কটলেণ্ডৰ বাবে এই পৰাজয় এক ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে। ষ্টিভ ক্লাৰ্কৰ নেতৃত্বাধীন দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰাৰ আশা লৈ মেচখনত অৱতীৰ্ণ হৈছিল যদিও ব্ৰাজিলৰ আগ্ৰাসী খেলৰ সন্মুখত সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ব্ৰাজিলে হাইটিক ৩-০ গ’লত পৰাস্ত কৰিছিল। সেই মেচতো মেথিউছ কুনিয়াই দুটা আৰু ভিনিচিয়াছ জুনিয়ৰে এটা গ’ল কৰিছিল। এই ধাৰাবাহিক সফলতাই ব্ৰাজিলক প্ৰতিযোগিতাখনত শক্তিশালী দাবীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।
ডিজিটেল ডেস্ক, ২৫ জুন