নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী চলাচল বন্ধ

অসমত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাত গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত চলি থকা সকলো ফেৰী সেৱা সাময়িকভাৱে স্থগিত কৰিছে অন্তৰ্দেশীয় জল পৰিবহণ (IWT) বিভাগে।

বুধবাৰে জাৰি কৰা এক জাননীত IWT বিভাগে জনায় যে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱাকে ধৰি গুৱাহাটী বিভাগৰ অধীনস্থ সকলো চৰকাৰী জাহাজ, ব্যক্তিগত কাঠৰ নাৱ আৰু দেশী নাৱৰ চলাচল ২৪ জুন ২০২৬ৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বন্ধ ৰখা হৈছে।

বিভাগটোৱে জানিবলৈ দিয়া মতে, ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ ফলত নদীৰ সোঁত অত্যন্ত প্ৰবল হৈ পৰিছে, যাৰ বাবে নৌ-যাতায়াত বিপদজনক হৈ উঠিছে। যাত্ৰীসকলৰ জীৱন আৰু সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে এই সতৰ্কতামূলক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই সিদ্ধান্তৰ ফলত গুৱাহাটীৰ অন্যতম ধৰ্মীয় আৰু পৰ্যটনস্থলী উমানন্দ মন্দিৰলৈ চলি থকা ফেৰী সেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে। লগতে গুৱাহাটীৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগ কৰা সকলো ফেৰী পথৰ চলাচল স্থগিত কৰা হৈছে।

IWT বিভাগে দৈনন্দিন যাত্ৰী আৰু সাধাৰণ নাগৰিকক বিকল্প পথ বা যাতায়াত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ফেৰী সেৱা পুনৰ আৰম্ভ সম্পৰ্কীয় চৰকাৰী জাননীসমূহৰ ওপৰত নজৰ ৰাখিবলৈ অনুৰোধ জনাইছে।

ডিজিটেল ডেস্ক, ২৫ জুন

You might also like