নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ দুই দেহৰক্ষীয়ে নাপালে জামিন

জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আজিও আদালতৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম নহ’ল। বুধবাৰে অনুষ্ঠিত শুনানিত অভিযুক্ত দুজনৰ অধিবক্তাই অধিক সময় বিচাৰি আবেদন জনোৱাৰ পাছত আদালতে ২৩ জুলাইত পুনৰ শুনানিৰ দিন ধাৰ্য কৰে।

ইফালে, একেই গোচৰ সম্পৰ্কীয় আন এক গুৰুত্বপূৰ্ণ দিশত সিদ্ধাৰ্থ শৰ্মায়ো আজিৰ শুনানিত কোনো সকাহ নাপালে। তেওঁৰ আবেদন সম্পৰ্কে পৰৱৰ্তী শুনানি ২৪ জুলাইত অনুষ্ঠিত হ’ব বুলি আদালতে জানিবলৈ দিয়ে।

আনহাতে, তদন্তৰ সময়ত জব্দ কৰা বেংক একাউণ্টসমূহ পুনৰ সক্ৰিয় কৰাৰ আবেদনক লৈও ২৪ জুলাইত শুনানি অনুষ্ঠিত হ’ব। সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই মহাবীৰ একুৱা পুনৰ খুলিবলৈ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

ডিজিটেল ডেস্ক, ২৫ জুন

You might also like