নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰ-সোণাৰিৰ পৰা ৪ ভুৱা মুন্নাভাই MBBS আটক

ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা। কাছাৰ আৰক্ষীৰ অভিযানত জিলাত ইজনৰ পাছত সিজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত। যোৱাকেইদিনত জিলাখনত কেইবাজনো ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পাছত পুনৰ দুজনকৈ মুন্নাভাই MBBS অর্থ্যৎ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে৷ ধৃত দুই ভুৱা চিকিৎসকৰ নাম বিশ্বজিৎ সিংহ আৰু বিক্ৰান সিংহ। Assam Council of Medical Registration (ACMR)ৰ অভিযোগৰ ভিত্তিত কাছাৰৰ সোনাই কচুধৰম আৰু শিলচৰ তাৰাপুৰৰ পৰা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোনাই কচুধৰমত অভিযান চলাই আৰক্ষীয়ে বিশ্বজিৎ সিংহ নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে লগতে শিলচৰ তাৰাপুৰৰ মণিপুৰী বস্তিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিক্ৰান সিংহ নামৰ আন এজন ভুৱা চিকিৎসকক। ধৃত দুই ভুৱা চিকিৎসকে ভুৱা MBBSৰ ডিগ্ৰী লৈ দীর্ঘ দিনৰ পৰা নিজ নিজ অঞ্চলত ৰাইজৰ লগত প্ৰতাৰণা কৰি আহিছিল। বর্তমানে দুয়োকে কাছাৰ আৰক্ষীয়ে জেৰা চলাই গৈছে।

ইফালে সোণাৰিত আৰক্ষীৰ জালত পৰিল দুই মুন্নাভাই এম্ বি বি এছ। নিশা চৰাইদেউ আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে দুই ভুৱা চিকিৎসকক। সোণাৰিৰ কাষৰীয়া টাউকাক চাহ বাগিচাৰ পৰা ডা: অৰিন্দম গাংগুলী আৰু মঞ্জুশ্ৰী চাহ বাগিচাৰ পৰা আটক কৰে ডা: বেণু চক্ৰৱৰ্তী নামৰ মুন্নাভাই দুজনক। বিগত প্ৰায় চাৰি বছৰ ধৰি বাগিচা দুখনক কৰ্মৰত আছিল দুই মুন্নাভাই। বৰ্তমান সোণাৰি আৰক্ষী থানাত ৰাখি দুইজনকে জেৰা চলাই থকা হৈছে। মুখ্যমন্ত্ৰীৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ ১২ ঘণ্টাৰ ভিতৰতে চৰাইদেউ জিলা আৰক্ষীৰ এই পদক্ষেপ গ্ৰহণ।

ডিজিটেল ডেস্ক, ২৭ জুন

You might also like