লখিমপুৰত কংগ্রেছ দল ত্যাগ কৰিলে লখিমপুৰ পৌৰসভাৰ প্ৰাক্তন কংগ্রেছী পৌৰপতি সূৰ্য ফুকনে। দীৰ্ঘদিন ধৰি তেওঁ কংগ্রেছ দলৰ বিভিন্ন বিষয়বাবত থকাৰ উপৰি লখিমপুৰ পৌৰসভাৰ ৱাৰ্ড সদস্য, পৌৰপতি আদি দায়িত্বও বহন কৰিছিল।
লখিমপুৰ নগৰৰ তিনি নং ৱাৰ্ড নিবাসী সূৰ্য ফুকনে দলৰ সকলো বিষয়বাবৰ পৰা আনকি প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰি দল এৰা বুলি জিলা কংগ্রেছৰ সভাপতি, প্ৰদেশ কংগ্রেছৰ সভাপতি লৈ পদত্যাগ পত্র প্ৰেৰণ কৰে।
উল্লেখ্য ১৯৯০ চনৰ পৰাই সূৰ্য ফুকনে কংগ্রেছ দলত সেৱা আগবঢ়াই আহিছিল। বিগত সময়ত তেওঁ জিলা কংগ্রেছৰ সম্পাদক, যুৱ কংগ্রেছৰ উপ সভাপতি, সাধাৰণ সম্পাদক আদি বিভিন্ন বিষয় বাবৰ লগতে শেহতীয়াকৈ তেওঁ জিলা কংগ্রেছৰ কাৰ্যকৰী সদস্য হিচাপে আছিল।
২০১৫ চনত তেওঁ লখিমপুৰ পৌৰসভাৰ তিনি নং ৱাৰ্ডৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত ২০১৯ চনত তেওঁ লখিমপুৰ পৌৰসভাৰ পৌৰপতি হিচাপে দায়িত্ব গ্রহণ কৰে। কিন্তু পাছৰ সময়ত পৌৰসভাৰ পৌৰপতি আসন খন মহিলাৰ বাবে সংৰক্ষিত হোৱাত তেওঁ পুনৰ প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থাকিবলগীয়া হয়।
প্ৰায় চাৰিটা দশক কংগ্রেছ দলত সেৱা আগবঢ়াই অৱশেষত তেওঁ দলটোৰ পৰা বিদায় লয়। এই সন্দৰ্ভত তেওঁ নিজৰ অনুভৱ প্ৰকাশ কৰি কয় কংগ্রেছৰ নেতৃত্বৰ প্ৰতি মই আস্থাহীন হৈ পৰিছো।
দলটোত নেতৃত্বৰ দক্ষতাৰ অভাৱ। গৌৰৱ গগৈৰ শিক্ষা আছে, বক্তৃতা দিব পাৰে। কিন্তু তেওঁ ৰ নেতৃত্ব ৰাইজে মানি লোৱা নাই। তেওঁ তৃণমূলৰ পৰা কষ্ট কৰি দলটোৰ সাংসদ হোৱা নাই। দলৰ প্ৰতি বিশেষ একো কষ্ট নকৰাকৈ তেওঁ পোনপটীয়াকৈ সাংসদ হৈছে। তেওঁ দলৰ তৃণমূলৰ কৰ্মীক চিনি নাপায়।
জ্যেষ্ঠ নেতা সকলকো যথাযোগ্য সম্মান নজনায়। তেওঁ ৰ নেতৃত্বত দলটো পুনৰ ঠন ধৰি উঠাৰ সম্ভাবনা নাই। সেয়ে এনেই থাকিব লাগে বাবেই বিৰোধী দলত থাকি লাভ নাই। এইদৰে কংগ্রেছৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে দলত্যাগী সূৰ্য ফুকনে।
তেওঁ কংগ্রেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ উদ্দেশ্য আছে নে কি বুলি সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় মই সেই কথা বৰ্তমান চিন্তা কৰা নাই। প্ৰয়োজন বুলি ভাবিলে আগন্তুক সময়ত চিন্তা কৰিম বুলি তেওঁ কয়।
বিশেষ বাৰ্তা, লখিমপুৰ, ২৭ জুন