নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাজকৰ্মী ৰাজেন্দ্ৰ নাথলৈ গৌতম বুদ্ধ ৰাষ্ট্ৰীয় শান্তি বঁটা গ্লোবেল ইউনিভাৰ্ছিটীৰ 

ডিজিটেল ডেস্ক, কুকুৰমাৰা, ২৮ জুন : গ্লোবেল ইউনিভাৰ্ছিটীৰ উদ্যোগত সনাতন আখৰা পৰিষদৰ সহযোগত গৌতম বুদ্ধ ৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰদানৰ বাবে মহানগৰীৰ সোণাপুৰস্থিত ব্ৰহ্মপুত্ৰ ৰিজ’ৰ্টত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ ৰঙামাটি নিৱাসী সমাজকৰ্মী, সংগঠক ৰাজেন্দ্ৰ নাথক গৌতম বুদ্ধ ৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ আঁত ধৰে ক্ৰমে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতা কুশলজোতি মালাকাৰ আৰু দিছপুৰ মহাবিদ্যালয়ৰ অধ্যাপক দীপিকা চৌধুৰীয়ে। এই বঁটা প্ৰদান অনুষ্ঠানত লগতে আন কেইবাগৰাকী বিশিষ্ট লোকক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে সমাজকৰ্মী ৰাজেন্দ্ৰ নাথক শেহতীয়াভাৱে দীনদয়াল উপাধ্যায় ফাউণ্ডেচনে দীনদয়াল উপাধ্যায় লীডাৰশ্বীপ এৱাৰ্ড ২০২৬ সন্মান প্ৰদান কৰে। ছাত্ৰ জীৱনৰ পৰা সমাজ জীৱনৰ বিভিন্ন দিশত তেওঁ কৰি যোৱা কামৰ বাবে তেওঁক এই বঁটা দিয়া হয়। এই বঁটা লাভ কৰি তেওঁ সন্তোষ প্ৰকাশ কৰে। লগতে এই সন্মানত পলাশবাৰীৰ বিভিন্ন দল-সংগঠনে তেওঁক শুভেচ্ছা জনায়। নাথে একাধাৰে অসম আন্দোলনৰ নেতা, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কেইবাবছৰ ধৰি উপ-সভাপতি, কামৰূপ জিলাৰ সভাপতি, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কামৰূপ জিলাৰ সভাপতি, স্বেচ্ছাসেৱী সংগঠন ছাউট কামৰূপ ডেভেলপমেন্টৰ অধ্যক্ষ, উপৰহালী হাইস্কুলৰ ছাত্ৰ গোটৰ সাধাৰণ সম্পাদক, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ তৰ্ক বিভাগৰ সম্পাদক, ৰঙামাটি ৰাইজ গয়ৰহৰ বিভিন্ন পদত থকাৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত থাকি কাম-কাজ কৰি অহা আদি অৱদানৰ বাবে এই বঁটা লাভ কৰে।

You might also like