নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাত চাঞ্চল্যকৰ ঘটনা : মাতৃৰ হাতত ৫ বছৰীয়া পুত্ৰৰ জীৱন শেষ

ডিজিটেল ডেস্ক, ২৮ জুন : বাক্সা জিলাত এক হৃদয়বিদাৰক আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। জিলাখনৰ দিৰিংগাপাৰা গাঁৱত এগৰাকী মাতৃয়ে নিজৰ ৫ বছৰীয়া পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, নিজ মাতৃৰ দাৰ ঘাপত প্ৰাণ হেৰুৱায় পাঁচ বছৰীয়া পুত্ৰই।

নিহত শিশুটোৰ নাম ৰণবীৰ সিং বড়ো বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত মাতৃ নেউচি বড়োক গ্ৰেপ্তাৰ কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

পৰিয়ালৰ লোকসকলে জনোৱা মতে, অভিযুক্ত নেউচি বড়ো দীৰ্ঘদিন ধৰি মানসিক অসুস্থতাত ভুগি আছিল। আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে।

You might also like