ডিজিটেল ডেস্ক, ৩০ জুন : কোকৰাঝাৰ জে’লত ন্যায়িক জিম্মাত থকা অৱস্থাত চিৰাং জিলাৰ এজন ভুৱা চিকিৎসকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত ব্যক্তিজন ৰবীন চন্দ্ৰ নাগ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে যোৱা ২৫ জুনত অসম কাউন্সিল অৱ মেডিকেল ৰেজিষ্ট্ৰেচনৰ এজাহাৰৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে ঢালিগাঁও অঞ্চলৰ পৰা ভুৱা চিকিৎসক ৰবীন চন্দ্ৰ নাগক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছতে সেইদিনাই কাজলগাঁও থানাৰ আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।
আজি পুৱতি নিশা কোকৰাঝাৰ জে’লত থকা অৱস্থাত ৰবীন চন্দ্ৰ নাগ হঠাতে হৃদৰোগত আক্ৰান্ত হয় বুলি জানিব পৰা গৈছে। জে’ল কৰ্তৃপক্ষই তৎক্ষণাত তেওঁক সংকটজনক অৱস্থাত কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত আজি পুৱা প্ৰায় ৭.৩০ বজাত তেওঁৰ মৃত্যু হয়।