বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত চেঙাৰ খোলাবান্ধাত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা ।
জানিব পৰা মতে, কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খোলাবান্ধাত বিদ্যুৎস্পৃষ্ট হৈ ছাদ্দাম হুছেইন (৩৫) নামৰ যুৱকজনৰ মৃত্যু হয়। যুৱকজনৰ ঘৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ গাঁৱত। খোলাবান্ধা জনপ্ৰিয় বজাৰত এখন গৃহৰ ছাদ ঢালাই কাম কৰি থকা অৱস্থাতে হঠাৎ উচ্চ ক্ষমতাসম্পন্ন তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয় যুৱকজন।
লগে লগে আহত যুৱকজনক আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত যুৱকজনক মৃত বুলি ঘোষণা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।