কিশোৰ উপাধ্যায়
গুৱাহাটী উচ্চ ন্যায়ালয়ে আব্দুল খালেক আৰু অন্যান্য বনাম অসম চৰকাৰ আৰু অন্যান্য, WA/211/2026 গোচৰত প্রদান কৰা ৰায়ে আইনৰ শাসন, পৰিৱেশ সংৰক্ষণ আৰু সাংবিধানিক শাসন ব্যৱস্থাৰ গুৰুত্বক পুনৰবাৰ দৃঢ়ভাৱে প্রতিষ্ঠা কৰিছে৷ এই ৰায় কেৱল সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদৰ প্রশ্নক কেন্দ্র কৰি সীমাবদ্ধ নহয়, ই অসমৰ দৰে পৰিৱেশগতভাৱে সংবেদনশীল ৰাজ্যত বনভূমিৰ আহনগত মর্যাদা, চৰকাৰৰ সাংবিধানিক দায়িত্ব আৰু বাংলাদেশী মিঞাসকলৰ দ্বাৰা দীর্ঘদিনীয়া অবৈধ দখলৰ সীমা সম্পর্কে এক স্পষ্ট নীতি নির্ধাৰণ কৰিছে৷ গোলাঘাট, নগাঁও, হোজাই আৰু সংলগ্ন অঞ্চলসমূহৰ ঘোষিত সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে দখল কৰি বসবাস কৰি অহা ৬৮জন বাংলাদেশী মিঞা লোকৰ দ্বাৰা দাখিল কৰা আপীলসমূহ খাৰিজ কৰি খণ্ড বিচাৰপীঠে অসমৰ চৰকাৰৰ সেই স্থিতিকেই সমর্থন কৰিছে যে কেৱল বহু বছৰ ধৰি কোনো সংৰক্ষিত বনভূমি দখল কৰি থাকিলেই, অথবা চৰকাৰে সেই অঞ্চললৈ কিছুমান ৰাজহুৱা সুবিধা প্রদান কৰিলে, সেই ভূমি ব্যক্তিগত অধিকাৰৰ ভূমিত পৰিণত নহয়৷ আদালতৰ মূল বক্তব্য হৈছে– বনভূমিৰ আইনগত সুৰক্ষা কোনো প্রশাসনিক সহনশীলতা, বিলম্ব বা মানৱীয় সহানুভূতিৰ ভিত্তিত বাতিল হ’ব নোৱাৰে৷
এই গোচৰৰ মূল প্রশ্ন আছিল– দীর্ঘদিনীয়া বাস বা দখলে সংৰক্ষিত বনভূমিৰ ওপৰত আইনগত মালিকীস্বত্ব সৃষ্টি কৰিব পাৰেনে? উচ্চ ন্যায়ালয়ে এই প্রশ্নৰ উত্তৰ অতি স্পষ্টভাৱে দিছে৷ দীর্ঘদিনীয়া দখল এক বাস্তৱিকা পৰিস্থিতি হ’ব পাৰে, কিন্তু সেয়া কেতিয়াও আইনী অধিকাৰৰ উৎস হ’ব নোৱাৰে৷ কোনো ব্যক্তি বা গোটে যদি বহু বছৰ ধৰি কোনো ভূমিত বাস কাৰে, সেই কথাই স্বয়ংক্রিয়ভাৱে তেওঁলোকক সেই ভূমিৰ মালিক কৰি নোতোলে, বিশেষকৈ যেতিয়া সেই ভূমি চৰকাৰী গেজেটৰ জৰিয়তে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে৷ তদুপৰি Forest Rights Act, ২০০৬ৰ ধাৰা ৬ অনুসৰি কোনসকল লোকে বনভূমিত ভূমিৰ অধিকাৰ পাব পাৰে তাৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে৷
অসম চৰকাৰে আদালতৰ সন্মুখত যুক্তি আগবঢ়াহছিল যে সংশ্লিষ্ট ভূমিসমূহ যথাযথ গেজেট অধিসূচনাৰ জৰিয়তে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষিত৷ আপীলকাৰীসকলৰ সপক্ষে কোনো বৈধ পট্টা, বিধিসন্মত অনুদান, বন্দৱস্তিৰ আদেশ বা আইনগতভাৱে স্বীকাত মালিকানাৰ দলিল নাই৷ চৰকাৰে লগতে কৈাছিল যে আপীলকাৰীসকলে Taungya ব্যৱস্থাৰ ওপৰত নির্ভৰ কৰিছে, সেয়া মূলতঃ বন সৃজনৰ কামত স্থানীয় লোকৰ সহযোগিতা লাভৰ বাবে গঢ়ি তোলা একা সাময়িকা প্রশাসনিক ব্যৱস্থা আছিল৷ ইয়াৰ উদ্দেশ্য কেতিয়াও স্থায়ী ভূমি অধিকাৰ সৃষ্টি কৰা নাছিল৷ উচ্চ ন্যায়ালয়ে এই যুক্তি গ্রহণ কৰি স্পষ্ট কৰে যে Taungya ব্যৱস্থা কোনো মালিকানা প্রদানৰ ব্যৱস্থা নহয়৷ ইতিহাসত এই ব্যৱস্থাৰ অধীনত কিছুমান লোকক বনাঞ্চলত সাময়িকভাৱে বাস কৰি বনসৃজন বা বন ব্যৱস্থাপনাত সহায় কৰাৰ অনুমতি দিয়া হৈছিল৷ কিন্তু সেই অনুমতিৰ পৰা স্থায়ী, বংশানুক্রমিক বা হস্তান্তৰযোগ্য অধিকাৰ সৃষ্টি নহয়৷ কোনো সাময়িক প্রশাসনিক ব্যৱস্থা আইনৰ অনুমোদন অবিহনে স্থায়ী ভূমি অধিকাৰত পৰিণত হ’ব নোৱাৰে৷ আদালতে আৰু স্পষ্ট কৰে যে চৰকাৰী চিঠি–পত্র, বিভাগীয় নোট, টেলিগ্রাম বা প্রশাসনিক যোগাযোগক আইনগত অনুদান বুলি ধৰা নাযায়, যেতিয়ালৈকে সেয়া ক্ষমতাসম্পন্ন কর্তৃপক্ষই আইন অনুসৰি জাৰি কৰা আনুষ্ঠানিক আদেশ নহয়৷ এই ৰায়ত উচ্চতম ন্যায়ালয়ৰ পূর্বৰ আব্দুল খালেকৰ গোচৰৰ আদেশৰ ওপৰতো গুৰুত্ব আৰোপ কাৰা হৈছে৷ উচ্চতম ন্যায়ালয়ে দখলদাৰসকলৰ সপক্ষে কোনো মৌলিক বা মালিকানাগত অধিকাৰ সৃষ্টি কৰা নাছিল৷ বৰঞ্চ, আদালতে দুটা সাংবিধানিক দায়িত্বৰ মাজত সুসমতা ৰক্ষা কাৰিছিল– এফালে ৰাজ্যৰ বন সংৰক্ষণৰ দায়িত্ব, আনফালে ব্যক্তিক ন্যায্য পদ্ধতি অনুসৰণ নকৰাকৈ উচ্ছেদ নকৰাৰ বাধ্যবাধকতা৷ সেইবাবেই উচ্চতম ন্যায়ালয়ে নির্দেশ দিছিল যে যিকোনো উচ্ছেদৰ পদক্ষেপৰ পূর্বে জাননী, শুনানিৰ সুযোগ, নথি–পত্রৰ মূল্যায়ন, বৈজ্ঞানিকা ভূমি সত্যতা নিৰূপণ আৰু কাৰণযুক্ত Speaking Order জাৰি কৰাটো বাধ্যতামূলক৷ অসম চৰকাৰে এই পদ্ধতি অনুসৰণ কৰিছিল৷ বন আৰু ৰাজহ বিভাগৰ বিষয়াবর্গক লৈ যৌথ সমিতি গঠন কৰা হৈছিল৷ প্রভাৱিত লোকসকলক জাননী প্রেৰণ কৰা হৈছিল৷ তেওঁলোকৰ পৰা আপত্তি আৰু নথি–পত্র গ্রহণ কৰা হৈছিল৷ তাৰ পিছত গেজেট অধিসূচনা, সীমা বিৱৰণ, Survey of Indiaৰ মানচিত্র, Geo-referenced Mapping, Satellite Imagery, DGPS আৰু DGNSS ভিত্তিক সমীক্ষাৰ সহায়ত ভূমিৰ সত্যতা নিৰূপণ কৰা হৈছিল৷ প্রতিটো ক্ষেত্রতে কাৰণযুক্ত Speaking Order জাৰি কৰা হৈছিল৷ উচ্চ ন্যায়ালয়ে এই সমগ্র প্রক্রিয়াক উচ্চতম ন্যায়ালয়ে নির্ধাৰণ কৰা সুৰক্ষামূলক নীতিৰ সৈতে সামঞ্জস্যপূর্ণ বুলি স্বীকাৰ কৰে৷ আদালতে যথার্থভাৱে কয় যে কোনো পক্ষ সিদ্ধান্তত অসন্তুষ্ট হ’লেই প্রক্রিয়াটো অবৈধ হৈ নাযায়৷ মূল প্রশ্ন আছিল– চৰকাৰে জাননী দিছিলনে নাই, শুনানিৰ সুযোগ দিছিলনে নাই, নথি–পত্র বিবেচনা কৰিছিলনে নাই, ভূমিৰ সত্যতা বৈজ্ঞানিকভাৱে নিৰূপণ কৰিছিলনে নাই, আৰু সিদ্ধান্ত কাৰণযুক্তভাৱে গ্রহণ কাৰিছিলনে নাই৷ আদালতে দেখিলে যে এই সকলো পদক্ষেপ গ্রহণ কৰা হৈছিল৷ সেইবাবে চৰকাৰৰ কার্যপদ্ধতি ন্যায়সংগত, স্বচ্ছ আৰু আহনগতভাৱে সুৰক্ষিত বুলি বিবেচিত হয়৷ এই ৰায়ৰ অন্যতম গুৰুত্বপূর্ণ দিশ হৈছে আধাৰকার্ড, ভোটাৰ পৰিচয় পত্র, ৰেচনকার্ড, বিদ্যুৎ সংযোগ, ভোটাৰ তালিকা, গাঁও পঞ্চায়তৰ প্রমাণ–পত্র আদি নথিৰ আইনী মূল্যায়ন৷ আপীলকাৰীসকলে যুক্তি দিছিল যে এই নথিসমূহে চৰকাৰে তেওঁলোকৰ বসতি স্বীকৃতি দিয়া বুলি প্রমাণ কৰে৷ কিন্তু আদালতে এই যুক্তি নাকচ কৰে৷ আদালতে কয় যে এনে নথি ব্যক্তিৰ পৰিচয়, বাসস্থান, ভোটাধিকাৰ, ৰাজহুৱা বিতৰণ ব্যৱস্থা বা কল্যাণমূলক সুবিধাৰ প্রমাণ দিব পাৰে, কিন্তু সেইবোৰে কোনো অচল সম্পত্তিৰ ওপৰত মালিকানা সৃষ্টি নকৰে৷ বিশেষকৈ সংৰক্ষিত বনভূমিৰ ওপৰত তেনে অধিকাৰ কেতিয়াও সৃষ্টি নকৰে৷ এই পর্যবেক্ষণ অত্যন্ত গুৰুত্বপূর্ণ৷ চৰকাৰে নাগৰিকৰ কল্যাণৰ বাবে পথ, বিদ্যালয়, বিদ্যুৎ, স্বাস্থ্যসেৱা, ৰেচন, ভোটাধিকাৰ বা অন্যান্য সুবিধা প্রদান কৰে৷ এই সুবিধাসমূহ প্রদান কৰাৰ উদ্দেশ্য হৈছে মানৱীয় শাসন আৰু জনসেৱা৷ কিন্তু সেইবোৰক ভূমিৰ মালিকানাৰ দলিল হিচাপে ব্যাখ্যা কৰিলে চৰকাৰৰ প্রতিটো কল্যাণমূলক আঁচনি ভৱিষ্যতে আহনী সংকটত পৰিব৷ দুর্বল বা বঞ্চিত লোকক সেৱা প্রদান কৰা আৰু অবৈধ দখলক বৈধতা প্রদান কৰা– এই দুটা সম্পূর্ণ পৃথক বিষয়৷ আদালতে Legitimate EXpectation আৰু Promissory Estoppel নীতিও নাকচ কৰিছে৷ আদালতৰ মতে বৈধ প্রত্যাশা তেতিয়াহে সৃষ্টি হয় যেতিয়া ক্ষমতাসম্পন্ন কর্তৃপক্ষই আইনসন্মতভাৱে কোনো স্পষ্ট প্রতিশ্রুতি দিয়ে৷ চৰকাৰৰ বিলম্ব, নিষ্ক্রিয়তা, সহনশীলতা, ৰাজনৈতিক তুষ্টিকৰণ বা সাময়িক সহানুভূতিৰ পৰা কোনো বৈধ প্রত্যাশাৰ জন্ম নহয়৷ এনে নীতিৰ জৰিয়তে ৰাজ্যক বন সংৰক্ষণ আইনৰ বিৰুদ্ধে কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰি৷ সাংবিধানিক শাসন ব্যৱস্থাত কোনো প্রশাসনিক সুবিধা বা মৌনতা আইনগত নিষেধাজ্ঞাৰ ওপৰত প্রাধান্য লাভ কৰিব নোৱাৰে৷ আদালতে Forest Rights Act, ২০০৬–ৰ বিষয়েও গুৰুত্বপূর্ণ ব্যাখ্যা আগবঢ়াইছে৷ এই আইনখনৰ উদ্দেশ্য বনাঞ্চলৰ ভিতৰত বা কাষত বসবাস কৰা প্রতিজন ব্যক্তিক স্বয়ংক্রিয়ভাৱে ভূমিৰ অধিকাৰ দিয়া নহয়৷ দাবীদাৰজন আইনত স্বীকৃত শ্রেণীৰ অন্তর্গত হ’ব লাগিব, যেনে Forest Dwelling Scheduled Tribes অথবা Other Traditional Forest Dwellers৷ তদুপৰি আইনত নির্ধাৰিত পদ্ধতি অনুসৰি অধিকাৰ আনুষ্ঠানিকভাৱে স্বীকৃত হোৱাটো বাধ্যতামূলক৷ বর্তমান গোচৰত আপীলকাৰীসকলে আদালতৰ সন্মুখত এই কথা প্রমাণ কৰিব নোৱাৰিলে যে তেওঁলোকৰ সপক্ষে বন অধিকাৰ আইন অনুসৰি কোনো অধিকাৰ স্বীকৃত হৈছিল৷ গাঁও পঞ্চায়তৰ অন্তর্গত হোৱাৰ যুক্তিও আদালতে নাকচ কৰে৷ কোনো অঞ্চল গাঁও পঞ্চায়তৰ প্রশাসনিক সীমাৰ ভিতৰত অন্তর্ভুক্ত হ’লেহ সেই ভূমিৰ সংৰক্ষিত বনাঞ্চলৰ আইনগত মর্যাদা লোপ নাপায়৷ গাঁও পঞ্চায়তৰ সীমা আৰু বনভূমিৰ আইনগত চৰিত্র পৃথক বিষয়৷ কোনো পঞ্চায়তীয় অধিসূচনা বা স্থানীয় প্রশাসনিক ব্যৱস্থাই বন সংৰক্ষণ আইনক অতিক্রম কৰিব নোৱাৰে৷ তেনেদৰে বার্ষিকা পট্টা বা খাজনা পৰিশোধৰ ৰচিদেও সংৰক্ষিত বনভূমিৰ ওপৰত বৈধ অধিকাৰ সৃষ্টি নকৰে, কাৰণ তেনে ভূমিত ৰাজহ বিভাগৰ পট্টা প্রদান কৰাৰ আইনগত ক্ষমতা নাথাকে৷ এই ৰায়ে আধুনিক প্রযুক্তি নির্ভৰ ভূমি সত্যতা নিৰূপণ পদ্ধতিকো স্বীকৃতি দিছে৷ আপীলকাৰীসকলে GIS Mapping, Geo-referencing আৰু Satellite Imagery ব্যৱহাৰৰ বৈধতাক প্রশ্ন কৰিছিল৷ কিন্তু আদালতে স্পষ্ট কৰে যে ডিজিটেল মানচিত্রই নতুন সীমা সৃষ্টি কৰা নাছিল, ই কেৱল চৰকাৰী গেজেটত পূর্বৰে পৰা নির্ধাৰিত সীমাসমূহক আধুনিক প্রযুক্তিৰ সহায়ত অধিক নিখুঁতভাৱে চিনাক্ত কৰিছিল৷ ভূমি–বিবাদ নিষ্পত্তিৰ ক্ষেত্রত বিজ্ঞান, প্রযুক্তি আৰু আধুনিক সমীক্ষা পদ্ধতিৰ ব্যৱহাৰ একা স্বচ্ছ আৰু বস্তুনিষ্ঠ পদক্ষেপ হিচাপে আদালতে স্বীকাৰ কৰে৷ একো সময়তে আদালতে মানৱীয় দিশটো উপেক্ষা কৰা নাই৷ বহু আপীলকাৰীয়ে দশকজুৰি সংশ্লিষ্ট অঞ্চলত বাস কৰি আহিছে আৰু উচ্ছেদৰ ফলত তেওঁলোকৰ ওপৰত সামাজিক আৰু আর্থিক কষ্ট আহিব পাৰে বুলি আদালতে স্বীকাৰ কৰিছে৷ কিন্তু আদালতে একে সময়তে স্পষ্ট কৰে যে সমতা বা সহানুভূতিৰ ভিত্তিত আইনবিৰোধী অধিকাৰ সৃষ্টি কৰিব নোৱাৰি৷ পুনৰ সংস্থাপন, বিকল্প বাসস্থান বা চৰকাৰী সহায়ৰ বিষয়সমূহ কার্যবাহী চৰকাৰৰ নীতিগত বিবেচনাৰ বিষয়৷ যোগ্য ব্যক্তিসকলে চৰকাৰী নীতি অনুসৰি আবেদন কৰিব পাৰে, কিন্তু তেনে সহায় সংৰক্ষিত বনভূমিৰ ওপৰত অবৈধ দখল বৈধ কৰাৰ মাধ্যম হ’ব নোৱাৰে৷ এই দৃষ্টিভংগীয়ে এক সুস্থ ভাৰসাম্য প্রতিষ্ঠা কৰে৷ এফালে বন সংৰক্ষণৰ আইনগত বাধ্যবাধকতা অক্ষুণ্ণ থাকে, আনফালে মানৱীয় পুনৰ সংস্থাপনৰ পথ বন্ধ নহয়৷ অর্থাৎ আদালতে অবৈধ দখলক বৈধতা দিয়া নাই, কিন্তু চৰকাৰক যোগ্য লোকৰ ক্ষেত্রত কল্যাণমূলক নীতি অনুসৰি সহায় বিবেচনা কৰাৰ সুযোগ ৰাখিছে৷ অসমৰ বাবে এই ৰায়ৰ তাৎপর্য বিশেষ গভীৰ৷ দশকজুৰি অনুপ্রৱেশ, অবৈধ দখল, প্রশাসনিক বিলম্ব আৰু অনিয়ন্ত্রিত বসতি স্থাপনৰ ফলত ৰাজ্যখনৰ বহু সংৰক্ষিত বনাঞ্চল চাপৰ সন্মুখীন হৈছে৷ বনাঞ্চল কেৱল খালী ভূমি নহয়, ই পৰিৱেশগত ভাৰসাম্যৰ মূল আধাৰ৷ বনাঞ্চলে জলবায়ু নিয়ন্ত্রণ কৰে, বন্যপ্রাণীৰ বাসস্থান সুৰক্ষিত ৰাখে, বান আৰু মাটিৰ ক্ষয় নিয়ন্ত্রণত সহায় কৰে, ভূগর্ভস্থ জলসম্পদ ৰক্ষা কৰে আৰু জৈৱ–বৈচিত্র্য সংৰক্ষণ কৰে৷ সেয়েহে সংৰক্ষিত বনাঞ্চল পুনৰুদ্ধাৰ কেৱল আইনী অভিযান নহয়, ই ভৱিষ্যৎ প্রজন্মৰ প্রতি ৰাজ্যৰ দায়িত্ব৷ উচ্চ ন্যায়ালয়ৰ এই ৰায়ে পুনৰ স্পষ্ট কৰি দিছে যে উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণ– দুয়োটা লক্ষ্যই আইনৰ শাসনৰ ভিতৰতেহ আগবাঢ়িব লাগিব৷ এখন গণতান্ত্রিক চৰকাৰৰ দায়িত্ব কেৱল পথ, বিদ্যালয়, চিকিৎসালয় বা অন্যান্য আন্তঃগাঁথনি নির্মাণ কৰাতেই সীমাবদ্ধ নহয়৷ নদী, বনাঞ্চল, জলাশয়, বন্যপ্রাণী আৰু সমগ্র প্রাকৃতিক পৰিৱেশ সংৰক্ষণ কৰাটোও এক সমান গুৰুত্বপূর্ণ সাংবিধানিক দায়িত্ব৷ এই সম্পদসমূহৰ ওপৰত বর্তমান প্রজন্মৰ লগতে ভৱিষ্যৎ প্রজন্মৰো সমান অধিকাৰ আছে৷ সেয়েহে কোনো দায়িত্বশীল চৰকাৰে এই কর্তব্য উপেক্ষা কৰিব নোৱাৰে৷ এই ৰায়ে ৰাজহুৱা প্রশাসনৰ সততা আৰু বিশ্বাসযোগ্যতাকো সুৰক্ষা প্রদান কৰিছে৷ যদি কেৱল দীর্ঘদিনীয়া অবৈধ দখলৰ ভিত্তিত ভূমি নিয়মীয়াকৰণ কৰা হয়, তেন্তে সেয়া নতুনকৈ অধিক অবৈধ দখলক উৎসাহিত কৰিব৷ যদি পৰিচয়–পত্রসমূহ ভূমিৰ মালিকানাৰ দলিলত পৰিণত হয়, তেন্তে চৰকাৰৰ প্রতিটো কল্যাণমূলক আঁচনি ভৱিষ্যতে আইনী জটিলতাৰ সন্মুখীন হ’ব৷ যদি সাময়িক বনসৃজন ব্যৱস্থাক স্থায়ী মালিকানাৰ ভিত্তি হিচাপে স্বীকৃতি দিয়া হয়, তেন্তে বন প্রশাসন কার্যতঃ অচল হৈ পৰিব৷ উচ্চ ন্যায়ালয়ে এই বিপজ্জনক দৃষ্টান্তসমূহ প্রতিষ্ঠিত হোৱাৰ পৰা ৰক্ষা কৰিছে৷ সেয়েহে অসমৰ চৰকাৰৰ স্থিতি কেৱল আইনগতভাৱেই সঠিক নাছিল, ই সাংবিধানিকভাৱেও অপৰিহার্য আছিল৷ চৰকাৰে উচ্চতম ন্যায়ালয়ে নির্ধাৰণ কৰি দিয়া ন্যায্য পদ্ধতি সম্পূর্ণৰূপে অনুসৰণ কৰিছিল৷ বৈজ্ঞানিকভাৱে ভূমিৰ সত্যতা নিৰূপণ কৰিছিল৷ সংশ্লিষ্ট ব্যক্তিসকলক জাননী আৰু শুনানিৰ সুযোগ দিছিল৷ নথি–পত্রসমূহ মূল্যায়ন কৰিছিল৷ তাৰ পিছত কাৰণযুক্ত Speaking Order জাৰি কৰিছিল৷ চৰকাৰে সদায় এই স্থিতিত অটল আছিল যে কেৱল আইনগতভাৱে স্বীকৃত অধিকাৰহে সুৰক্ষিত হ’ব পাৰে৷ উচ্চ ন্যায়ালয়ে এতিয়া সেই দৃষ্টিভংগীক সম্পূর্ণৰূপে সমর্থন কৰিছে৷ সামগ্রিকভাৱে এই ঐতিহাসিক ৰায়ে তিনিটা মৌলিক নীতি পুনৰ প্রতিষ্ঠা কৰিছে৷ প্রথমতে, সংৰক্ষিত বনভূমিয়ে বিশেষ আইনগত সুৰক্ষা লাভ কৰে আৰু আহনগত ক্ষমতা অবিহনে কোনো ব্যক্তিয়ে তাত অধিকাৰ দাবী কৰিব নোৱাৰে৷ দ্বিতীয়তে, পৰিচয়, বাসস্থান বা চৰকাৰী সুবিধাৰ নথি–পত্রই ভূমিৰ ওপৰত মালিকানা সৃষ্টি নকৰে৷ তৃতীয়তে, ৰাজ্যহ মানৱীয়তা, ন্যায়সংগত পদ্ধতি আৰু সহানুভূতিৰে কাম কৰিব লাগিব যদিও বন সংৰক্ষণ আহন ভংগ কৰিবলৈ আদালতে চৰকাৰক বাধ্য কৰিব নোৱাৰে৷ বিভাগীয় বিচাৰপীঠে আপীলসমূহ যথাযথভাৱে খাৰিজ কৰাৰ লগতে কাৰণযুক্ত Speaking Orderসমূহ বাহাল ৰাখিছে৷ একে সময়তে বাৰিষাকালৰ কথা বিবেচনা কৰি উচ্ছেদৰ বাবে কিছু সময় প্রদান কৰা আৰু চৰকাৰী নীতি অনুসৰি যোগ্য ব্যক্তিসকলক পুনৰসংস্থাপনৰ বাবে আবেদন কৰাৰ সুযোগ দি আদালতে নিশ্চিত কৰিছে যে আইন প্রয়োগ কঠোৰ হ’লেও সেয়া মানৱীয় সংবেদনশীলতাৰ সৈতে সামঞ্জস্যপূর্ণ হ’ব পাৰে৷ উচ্চতম ন্যায়ালয়ে নির্ধাৰণ কৰি দিয়া ন্যায্য প্রক্রিয়াৰ কাঠামোৰ জৰিয়তে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চূড়ান্ত বিচাৰৰ জৰিয়তে অসমৰ চৰকাৰৰ স্থিতি এতিয়া ন্যায়িকভাৱে দুয়োটা স্তৰতেহ সমর্থিত হৈছে৷ এই ৰায়ৰ মূল বার্তা স্পষ্ট, শক্তিশালী আৰু সময়োপযোগী–বন সংৰক্ষণ কোনো বিকল্প নহয়, ই সাংবিধানিক দায়িত্ব৷ ন্যায্য পদ্ধতি বাধ্যতামূলক৷ অবৈধ দখল কেতিয়াও আহনগত অধিকাৰত পৰিণত হ’ব নোৱাৰে আৰু শেষপর্যন্ত আইনৰ শাসনেই প্রশাসনিক বিলম্ব, ৰাজনৈতিক চাপ বা আইনগত ভিত্তিহীন আৱেগিক দাবীৰ ওপৰত প্রাধান্য লাভ কৰিব৷
লেখক বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্র
ফোনঃ ৭০০৫৯–৭৬১১০