দীৰ্ঘদিন ধৰি মূল্যবৃদ্ধিৰ বোজা বহন কৰি অহা সাধাৰণ জনতাৰ বাবে কিছু সকাহৰ খবৰ। ব্যক্তিগত ইন্ধন বিক্ৰেতা নায়াৰা এনৰ্জিয়ে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকা হ্ৰাস কৰিছে। আনহাতে কেন্দ্ৰীয় চৰকাৰে ১৯ কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১৮৩.৫০ টকা কমাইছে।
এই মূল্য হ্ৰাসৰ মূল কাৰণ হৈছে মধ্যপ্ৰাচ্যত উত্তেজনা হ্ৰাস পোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য উল্লেখযোগ্যভাৱে কমি অহা।
নায়াৰা এনাৰ্জিৰ পাম্পৰ পৰা ইন্ধন ভৰোৱা গ্ৰাহকসকলে এতিয়া ৪০ লিটাৰ পেট্ৰ’ল ভৰালে ২০০ টকা আৰু ৪০ লিটাৰ ডিজেল ভৰালে ১২০ টকা পৰ্যন্ত সঞ্চয় কৰিব পাৰিব।
ইৰাণ যুদ্ধ আৰু পশ্চিম এছিয়াৰ সংকটৰ পিছত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য এইবাৰ প্ৰথমবাৰৰ বাবে হ্ৰাস কৰা হৈছে। ১৯ কেজি বাণিজ্যিক LPG চিলিণ্ডাৰত ১৮৩.৫০ টকা হ্ৰাস আৰু ৫ কেজি ফ্ৰী ট্ৰেড LPG (FTL) চিলিণ্ডাৰত ১৩ টকা হ্ৰাস কৰা হৈছে।
এই মূল্য সংশোধনৰ পিছত অসমত ১৯ কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য প্ৰায় ৩,১৭৩.৫০ টকা হ’ব। আনহাতে দিল্লীত ইয়াৰ নতুন মূল্য হ’ব ২,৯৩০ টকা।
অৱশ্যে ঘৰুৱা ৰন্ধন গেছ (Domestic LPG) ব্যৱহাৰকাৰীসকলৰ বাবে এইবাৰো কোনো সকাহৰ খবৰ নাই। ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত ৰখা হৈছে। উল্লেখ্য যে পশ্চিম এছিয়াৰ সংঘাতৰ পাছত ৭ মাৰ্চত ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছত জুন মাহত পুনৰ ২৯ টকা বৃদ্ধি কৰা হৈছিল।
ডিজিটেল ডেস্ক, ১ জুলাই