ডিজিটেল ডেস্ক, ২ জুলাই : দেৰগাঁৱত বুধবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। পাপু ৰাজবংশী নামৰ এজন লোকৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত হয় ৰঞ্জিত দাস নামৰ এজন ব্যক্তি। দেৰগাঁৱৰ ছ-গুৰি কছাৰী গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনাটো।
নিশা অঞ্চলটোৰ লোকসকলে হুলস্থূলৰ শব্দ শুনি পথলৈ ওলাই আহি প্ৰত্যক্ষ কৰে যে পাপু ৰাজবংশী নামৰ লোকজনে আক্ৰমণ কৰি নিহত কৰে এজন ব্যক্তিক। ঘটনাস্থলীত সেই সময়ত উপস্থিত হোৱা ৰাইজে কৰায়ত্ত কৰি এজোপা গছত বান্ধি ৰাখে পাপু ৰাজবংশীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত চিনাক্ত হোৱা মৃত লোকজন সম্বন্ধত পাপু ৰাজবংশীৰ বৰদেউতাক নেঘেৰিটিঙৰ ৰঞ্জিত দাস বুলি জানিব পৰা গৈছে। কি পৰিস্থিতিত লোকজন ঘটনাস্থলীত উপস্থিত হৈছিল অথবা এই হত্যাকাণ্ড কিয় সংঘটিত হ’ল, সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
মন কৰিবলগীয়া যে পাপু ৰাজবংশী নামৰ অভিযুক্ত লোকজনে কেইবছৰমানৰ পূৰ্বে নিজৰেই মোমায়েকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় লোকজন ।