নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ছয়মাইলৰ পৰা জালনোট উদ্ধাৰ, দুজনক আটক

ডিজিটেল ডেস্ক, ২ জুলাই : মহানগৰীত বহু পৰিমাণৰ জালনোট উদ্ধাৰ কৰা হৈছে। পাঞ্জাবাৰী, জালুকবাৰীৰ পিছত ছয়মাইলৰ পৰা আৰক্ষীয়ে জব্দ কৰে জালনোট। জানিব পৰা মতে, এখন ছুইফট ডিজায়াৰ বাহনত খানাপাৰা দিশে লৈ গৈছিল জালনোটখিনি।

দিছপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে জালনোটখিনি। ছুইফট ডিজায়াৰ বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২ লাখ ৫৬ হাজাৰ টকাৰ জালনোট। লগতে জালনোটখিনি লৈ অনা দুজন ব্যক্তিকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ছয়মাইলৰ নাগালেণ্ড হাউছৰ সমীপৰ পৰা দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে মহানগৰীত জালনোট সৰবৰাহত জড়িত হৈ আছে এটা বৃহৎ গেং। সম্প্ৰতি এই গেংটোৰ সন্ধানত অভিযান অব্যাহত আছে মহানগৰ আৰক্ষীৰ।

You might also like