ডিজিটেল ডেস্ক, ৩ জুলাই : অচিৰেই পূব ভাৰতৰ ব্যৱসায়িক কেন্দ্রৰূপে চিনাক্ত হ’ব অসম৷ দিল্লীত অনুষ্ঠিত ভাৰত–জাপান সন্মিলনে অসম তথা উত্তৰ–পূবলৈ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ সময়তে অসমত অতি সোনকালে নির্মাণ হ’ব ৬টাকৈ বিমানবন্দৰ৷ ইতিমধ্যে নির্মাণৰ কাম চলি থকা এই বিমানবন্দৰসমূহক লৈ বৃহস্পতিবাৰে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী কিঞ্জাৰাপু ৰামমোহন নাইডুক সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
এই সাক্ষাৎকালতে অসমক পূব ভাৰতৰ এক গুৰুত্বপূর্ণ বিমান আৰু বাণিজ্য কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংছ’, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্রস্তাৱিত ৬টা গ্রীনফিল্ড বিমানবন্দৰ আৰু হাফলঙত হেলিপ’ৰ্ট স্থাপনৰ অগ্রগতিক লৈ আলোচনা হয়৷
মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি শিলচৰৰ প্রস্তাৱিত গ্রীনফিল্ড বিমানবন্দৰৰ প্রাৰম্ভিক কাম ইতিমধ্যে অসম চৰকাৰে সম্পূর্ণ কৰি উলিয়াইছে৷ এই প্রকল্পটোৰ অনুমোদন প্রক্রিয়া খৰতকীয়া কৰিবলৈ বৃহস্পতিবাৰে কেন্দ্রীয় অসামৰিক মন্ত্রীগৰাকীক অনুৰোধ জনায়৷ মুখ্যমন্ত্রীৰ এই সাক্ষাৎকালতে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রস্তাৱিত বিমানবন্দৰসমূহৰ প্রাক্ সম্ভাৱনীয়তা অধ্যয়ন কৰি কাম খৰতকীয়া কৰিবলৈ সন্মতি প্রকাশ কৰে৷ এই বৈঠকত পশ্চিম অসমৰ গুৰুত্বপূর্ণ ৰূপসী বিমানবন্দৰৰ চলি থকা সম্প্রসাৰণৰ আঁচনিৰো পর্যালোচনা হয়৷
মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে, এই প্রকল্পসমূহে কেৱল যোগাযোগ ব্যৱস্থা উন্নত কৰাই নহয়, অর্থনৈতিক সুযোগ সৃষ্টি, পর্যটনৰ বিকাশ আৰু দীর্ঘকালীন উন্নয়নত বিশেষভাৱে অৰিহণা যোগাব৷ এই বৈঠকত অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ৰ সচিব সমীৰ কুমাৰ সিন্হা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্রালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে এই সাক্ষাতৰ কথা উল্লেখ কৰি প্রকাশ কৰিছে যে কেন্দ্রীয় অসামৰিক মন্ত্রীৰ সৈতে আজি এক ফলপ্রসূ বৈঠকত মিলিত হৈ অসমৰ বিমান যোগাযোগ আৰু ল’জিষ্টিক খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সন্দর্ভত বিস্তৃত আলোচনা কৰা হ’ল৷