অষ্ট্ৰিয়াক ৩-০ গ’লত পৰাস্ত কৰি শীৰ্ষ-১৬ত স্পেইন
ফিফা বিশ্বকাপ ২০২৬ৰ ৰাউণ্ড অৱ-৩২ত অষ্ট্ৰিয়াক ৩-০ গ’লত সহজে পৰাস্ত কৰি শীৰ্ষ-১৬ত প্ৰৱেশ কৰিছে স্পেইনে। খেলখন আৰম্ভণিৰে পৰা শেষলৈকে সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখে লুইছ ডে লা ফুৱেন্তেৰ দলটোৱে।
স্পেইনৰ হৈ মিকেল অ’য়াৰ্জাবালে দুটা গ’ল কৰাৰ লগতে পেড্ৰো পৰ্ৰ’ই এটাকৈ গ’ল দিয়ে।
প্ৰথমাৰ্ধত বলৰ দখল সম্পূৰ্ণৰূপে নিজৰ হাতত ৰাখিলেও আৰম্ভণিতে স্পেইনৰ এটা গ’ল বাতিল হয়। কৰ্ণাৰৰ পৰা মাৰ্ক কুকুৰেল্লাৰ গ’লটো অষ্ট্ৰিয়াৰ গ’লৰক্ষকৰ ওপৰত ফাউল হোৱাৰ বাবে গণ্য কৰা নহ’ল।
অৱশেষত ৩৬ মিনিটত কুকুৰেল্লাৰ নিখুঁত পাছৰ পৰা অ’য়াৰ্জাবালে প্ৰথম গ’ল কৰি স্পেইনক আগবঢ়ায়। প্ৰথমাৰ্ধৰ শেষৰ ফালে আলেক্স বায়েনাৰ ফ্ৰী-কিক ক্ৰছবাৰত খুন্দা মৰাৰ লগতে লামিনে ইয়ামালৰ শ্বট পোষ্টত লাগি উভতি অহাত ব্যৱধান ১-০তে সীমাবদ্ধ থাকে।
দ্বিতীয়াৰ্ধতো স্পেইনে খেলখনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ বজাই ৰাখে। ৬৬ মিনিটত বায়েনাৰ ক্ৰছৰ পৰা পেড্ৰো পৰ্ৰ’ই হেডাৰে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথম গ’ল কৰি ব্যৱধান ২-০ কৰে।
শেষ মুহূৰ্তত পুনৰ অ’য়াৰ্জাবালে নিজৰ দ্বিতীয় গ’ল কৰি স্পেইনৰ ৩-০ৰ নিশ্চিত জয় নিশ্চিত কৰে।
এই জয়ৰ ফলত স্পেইনে বিশ্বকাপৰ শীৰ্ষ-১৬ত স্থান নিশ্চিত কৰিলে। এতিয়া স্পেইনৰ পৰৱৰ্তী প্ৰতিদ্বন্দ্বী হ’ব পৰ্তুগাল, যিয়ে ক্ৰোৱেছিয়াক পৰাস্ত কৰি এই পৰ্যায়লৈ আগবাঢ়িছে।
ডিজিটেল ডেস্ক, ৩ জুলাই