আমি ভাল মানুহ বাবেই ইৰানক এসপ্তাহৰ সময় দিলোঁ : ড’নাল্ড ট্ৰাম্প
ডিজিটেল ডেস্ক, ৪ জুলাই : ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ ৰাজহুৱা অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ মাজতে পুনৰ চৰ্চালৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক বিতৰ্কিত মন্তব্য। ইৰানক লক্ষ্য কৰি ট্ৰাম্পে দাবী কৰে যে “আমেৰিকাই ভাল মনোভাব দেখুৱাই ইৰানক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ এসপ্তাহ সময় দিছে।” তেওঁৰ এই মন্তব্য এনে সময়ত আহিছে যেতিয়া খামেইনীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ইৰানত লাখ লাখ লোক সমৱেত হোৱাৰ সম্ভাৱনা আছে।
আমেৰিকাৰ স্বাধীনতাৰ ২৫০তম বাৰ্ষিকী উপলক্ষে মাউণ্ট ৰাছম’ৰত অনুষ্ঠিত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰি ট্ৰাম্পে শেহতীয়া আমেৰিকা-ইৰান সংঘাতৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয়- “আমি যুদ্ধত ইৰানৰ কঁকাল ভাঙি দিছোঁ। এতিয়া তেওঁলোকে চুক্তি কৰিবলৈ ব্যাকুল হৈ পৰিছে। আমি ভাল মানুহ বাবেই তেওঁলোকক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এসপ্তাহ সময় দিলোঁ। কাৰণ আমি মানৱতা বুজি পাওঁ।”
ট্ৰাম্পৰ এই মন্তব্যৰ মাজতে ইৰানত আয়াতুল্লাহ আলী খামেনেইৰ সন্মানত এসপ্তাহজোৰা ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইৰানী কৰ্তৃপক্ষৰ মতে, অন্তিম যাত্ৰা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লাখ লাখ লোকৰ উপস্থিতিৰ সম্ভাৱনা আছে।
উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যু হৈছিল। এই আক্ৰমণত তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যও নিহত হৈছিল, যাৰ ভিতৰত তেওঁৰ কন্যা, জোঁৱাই, নাতিনী আৰু বোৱাৰীও আছিল।
ইছলামিক পৰম্পৰা অনুসৰি, কোনো ব্যক্তিক মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰত দাফন কৰা হয়। কিন্তু যুদ্ধ আৰু নিৰাপত্তাজনিত পৰিস্থিতিৰ বাবে খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া স্থগিত ৰাখিবলগীয়া হৈছিল। যোৱা মাহত যুদ্ধবিৰতি বলৱৎ হোৱাৰ পিছত ইৰানী প্ৰশাসনে অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰে।