অৱশেষত ধুবুৰী আৰক্ষীয়ে কৰায়ত্ত কৰিলে পিতৃক মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱা কুলাংগাৰ পুত্ৰক।
স্মৰ্তব্য যে বিগত ২৪ জুনৰ দিনা ধুবুৰীৰ চি আৰ দাস ৰোডৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধই ধুবুৰী সদৰ থানাত নিজৰ পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল। জহৰ সেনগুপ্ত ওৰফে সুব্ৰত সেনগুপ্তই নিজৰ উক্ত এজাহাৰখনত কৃষি বিভাগৰ অধীনত গ্ৰামসেৱক হিচাপে কৰ্মৰত পুত্ৰ জয়দীপ সেনগুপ্তই মাতাল অৱস্থাত ঘৰলৈ আহি অশ্লীল ভাষাৰে গালি-গালাজ পৰাৰ লগতে চৰ, ঠেলা-হেঁচা কৰি আক্ৰমণ কৰাৰ অভিযোগ কৰিছিল।
উল্লেখ্য যে এজাহাৰখনত নিজৰ বোৱাৰী তথা টেট শিক্ষয়িত্ৰী জয়দীপৰ পত্নীয়েও স্বামীৰ এনে কাৰ্যত সহায় আৰু উচটনি যোগাই অহা বুলিও স্পষ্টভাৱে উল্লেখ আছে। এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈগৰাকীৰ এই অসহায় অৱস্থাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। অৱশেষত যোৱানিশা ধুবুৰী আৰক্ষীৰ এটা দলে কৰায়ত্ত কৰে কুলাংগাৰ পুত্ৰ জয়দীপক।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ জুলাই :