ডিজিটেল ডেস্ক, ৪ জুলাই : শিলচৰৰ ব্যৱসায়ী আবুব মজুমদাৰৰ দুটা বাসগৃহত শুকুৰবাৰে ইডি-এ তালাচী অভিযান চলায়। গুৱাহাটী আৰু কলকাতাৰ পৰা অহা ইডিৰ দলে পুৱাৰে পৰা আবুবৰ বিশাল অট্টালিকাত তালাচী চলায়।
তদন্তকাৰী দলটোৱে প্ৰথমে শিলচৰৰ ইটখোলা ঘাট অঞ্চলত থকা আবুব মজুমদাৰৰ বাসগৃহত তালাচী চলায়। ইয়াৰ উপৰি ইটখোলা ঘানীৱালা অঞ্চলত অৱস্থিত তেওঁৰ আন এটা বাসগৃহতো অভিযান চলায়।
তদন্তকাৰী সংস্থাৰ সূত্ৰে জানিব পৰা মতে, আবুব মজুমদাৰৰ আৰ্থিক লেনদেন, সম্পত্তিৰ উৎসক লৈ তদন্ত চলোৱা হৈছে। ইয়াৰ লগতে ম্যানমাৰভিত্তিক এক চুপাৰি সৰবৰাহকাৰী চক্ৰৰ সৈতে তেওঁৰ কথিত সম্পৰ্কৰ অভিযোগৰ দিশটোও তদন্তৰ আওতাত ৰখা হৈছে। এই চক্ৰৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত থকাৰ জৰিয়তে তেওঁ বৃহৎ পৰিমাণৰ সম্পদ গঢ়ি তুলিছিল নেকি, সেই দিশসমূহো তদন্ত কৰি চোৱা হৈছে।
স্থানীয় সূত্ৰৰ দাবী অনুসৰি, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযানৰ খবৰ লাভ কৰাৰ পিছতে আবুব মজুমদাৰে বাসগৃহ ত্যাগ কৰে। বৰ্তমান তেওঁৰ অৱস্থান নিশ্চিত হোৱা নাই আৰু তেওঁ পলাতক হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে।
অৱশ্যে, এই সন্দৰ্ভত এতিয়ালৈকে ইডিয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই আৰু তেওঁৰ বৰ্তমানৰ অৱস্থানো নিশ্চিত হোৱা নাই।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও আবুব মজুমদাৰ অসম আৰক্ষীৰ নজৰলৈ আহিছিল। আন কেইবাটাও গোচৰৰ তদন্ত সন্দৰ্ভত চি আই ডিয়েও তেওঁৰ বিৰুদ্ধে তদন্ত চলাইছিল।