নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ এনকাউণ্টাৰত আহত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা

ডিজিটেল ডেস্ক, ৪ জুলাই : মহানগৰীত এইবাৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক ৷ শনিবাৰে পুৱতি নিশা আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ লওঁতে মহানগৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা। এনকাউণ্টাৰৰ সময়ত তেওঁৰ সোঁ ভৰিত গুলীৰ আঘাত লাগে। ঘটনাৰ পিছতে আৰক্ষীয়ে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (জিএমচিএইচ)ত ভৰ্তি কৰায়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে বুধবাৰে নিশা গুৱাহাটী মহানগৰীত দিছপুৰ আৰক্ষীয়ে জালনোটসহ দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে অভিযানৰ সময়ত AS-01 PC-8433 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনৰ পৰা উদ্ধাৰ কৰিছিল ২ লাখ ৫৬ হাজাৰ টকাৰ জালনোট । উল্লেখ্য যে শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ ভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে আৰক্ষীয়ে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছত তদন্ত অব্যাহত থকাৰ মাজতে আৰক্ষীৰ জেৰাত অজয় বিশ্বকৰ্মাই এক চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে। তেওঁৰ দাবী অনুসৰি, গুৱাহাটী মহানগৰীত ইতিমধ্যে এশ কোটি টকাৰো অধিক জালনোট সিচঁৰতি হৈ আছে।

সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে জালনোট সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে তদন্ত অধিক তীব্ৰ কৰি তুলিছে। এই চক্ৰৰ সৈতে জড়িত আন লোকৰ সন্ধানতো অভিযান অব্যাহত আছে।

You might also like