নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত ১.৫ কোটি টকাৰ নিষিদ্ধ য়াবা টেবলেটসহ এজনক আটক

ডিজিটেল ডেস্ক, ৫ জুলাই : মাদকদ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে পুনৰ বৃহৎ সফলতা লাভ কৰিলে হাইলাকান্দি আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে প্ৰায় ১.৫ কোটি টকা মূল্যৰ ৩০ হাজাৰটা নিষিদ্ধ য়াবা টেবলেট জব্দ কৰে। এই ঘটনাৰ সৈতে জড়িতৰ সন্দেহত এজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

অভিযানৰ সময়ত হাইলাকান্দি বাইপাছ এলেকাত MZ-01B-7816 নম্বৰৰ এখন মটৰচাইকেল আটক কৰি তালাচী চলোৱা হয়। তালাচীৰ সময়ত গোপনে লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ য়াবা টেবলেট উদ্ধাৰ হয়। ঘটনাস্থলীৰ পৰাই এজন সন্দেহজনক ব্যক্তিক গ্রেপ্তাৰ কৰা হৈছে। নাম কৰিম উদ্দিন ।

আৰক্ষীয়ে গ্রেপ্তাৰ কৰা কৰিম উদ্দিন নামৰ ব্যক্তিজনক সোধা-পোছা অব্যাহত ৰাখি এই মাদকদ্ৰব্য সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত আন সদস্যসকলক চিনাক্ত কৰাৰ চেষ্টা চলাইছে। লগতে এই বৃহৎ পৰিমাণৰ মাদকদ্ৰব্য ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল, সেই বিষয়েও তদন্ত অব্যাহত আছে।

You might also like