শক্তিশালী বিত্তীয় গতিশীলতা প্ৰতিফলিত
ডিজিটেল ডেস্ক, ৪ জুলাই : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমে ২০২৬ চনৰ জুন মাহত জি এছ টি সংগ্ৰহত ১৫% বৃদ্ধি পঞ্জীয়ন কৰি এক সুদৃঢ় বিত্তীয় প্ৰদৰ্শন দাঙি ধৰিছে, যিটো ৯% ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট বেছি। মাহেকীয়া জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্যখনে দেশৰ ভিতৰতে শীৰ্ষ প্ৰদৰ্শনকাৰী প্ৰধান ৰাজ্যসমূহৰ মাজত স্থান লাভ কৰিছে, যিয়ে ৰাজ্যখনৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক কাৰ্যকলাপ আৰু অধিক শক্তিশালী ৰাজহ প্ৰশাসনক প্ৰতিফলিত কৰিছে।
বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিত্ত বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ ঠিক প্ৰথমটো মাহতে এই সাফল্য অৰ্জন কৰা হৈছে। দায়িত্ব লৈয়ে মন্ত্ৰীগৰাকীয়ে জি এছ টিৰ সুৰুঙাসমূহ বন্ধ কৰিবলৈ, কৰ অনুপালন শক্তিশালী কৰিবলৈ, ডিজিটেল কৰ প্ৰশাসন উন্নত কৰিবলৈ আৰু কৰফাঁকিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জ্যেষ্ঠ বিষয়া তথা অংশীদাৰসকলৰ সৈতে এলানি পৰ্যালোচনা বৈঠকত মিলিত হৈছিল। মুখ্যমন্ত্ৰীৰ স্বচ্ছ আৰু দক্ষ বিত্তীয় প্ৰশাসনৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বিভাগটোৱে কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ প্ৰচেষ্টাও তীব্ৰতৰ কৰি তুলিছে। এই লক্ষ্যভিত্তিক পদক্ষেপসমূহে ইতিমধ্যে সুফল দিবলৈ আৰম্ভ কৰিছে। যোৱা বছৰৰ জুন মাহৰ তুলনাত অসমে এইবাৰ ১৮২ কোটি টকা অধিক জি এছ টি সংগ্ৰহ কৰিছে, যিটো ২০২৫ চনৰ একেটা মাহৰ তুলনাত এক দ্ৰুততম বৃদ্ধি হিচাপে পৰিগণিত হৈছে ।
তাৎপৰ্যপূৰ্ণভাৱে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত জুন মাহলৈকে ৰাজ্যখনৰ সামগ্ৰিক জি এছ টি বৃদ্ধিৰ হাৰো পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ১৪% লৈ বৃদ্ধি পাইছে, যিয়ে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এক স্পষ্ট গতিশীলতাৰ ইংগিত দিছে । অসমৰ এই প্ৰদৰ্শনে মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী, হাৰিয়ানা আৰু পশ্চিমবংগৰ দৰে কেইবাখনো বৃহৎ ৰাজ্যক অতিক্ৰম কৰিছে, আনহাতে, একাংশ ৰাজ্যত জি এছ টি সংগ্ৰহৰ বৃদ্ধি তেনেই নগণ্য অথবা হ্ৰাস পোৱাহে পৰিলক্ষিত হৈছে ।
শেহতীয়া এই পৰিসংখ্যাই অসমৰ ক্ৰমবৰ্ধমান বিত্তীয় স্থিতিক অধিক সুদৃঢ় কৰাৰ লগতে ধাৰাবাহিক প্ৰশাসনিক সংস্কাৰৰ ইতিবাচক প্ৰভাৱক প্ৰতিফলিত কৰিছে। এই অধিক ৰাজহ সংগ্ৰহে ৰাজ্যখনৰ আন্তঃগাঁথনি, জনসেৱা আৰু কল্যাণমূলক আঁচনিসমূহত বিনিয়োগ কৰাৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব, যিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহনক্ষম আৰু সৰ্বাংগীণ অৰ্থনৈতিক বিকাশৰ চৰকাৰী দৃষ্টিভংগীক বিশেষভাৱে সহায় কৰিব ।