নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ জুলাই : আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ জুলাই, আহাৰ মাহৰ ২০ তাৰিখ
দেওবাৰ : তিথি– পঞ্চমী, নক্ষত্র : শতভিষাণ, যাত্রা : মধ্যম

মেঘ : আজি সঞ্চয়ী মনোভাব বৃদ্ধি হ’ব৷ কর্মত সফলতা৷ আনৰ কথাত বেছি মনোযোগ নিদিব৷ হাতলৈ ধন অহাৰ সুযোগ বৃদ্ধি হ’ব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৫৷

বৃষ : আজি নতুন পদ প্রাপ্তিৰ যোগ৷ সেৱাৰ মনোভাব বৃদ্ধি৷ গৃহত মাংগলিক কর্ম হোৱাৰ সম্ভাৱনা৷ আশা পূৰণ হোৱাৰ যোগ৷ ধন প্রাপ্তিৰ সম্ভাৱনা৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

মিথুন : আজি চাকৰিত পদোন্নতিৰ যোগ৷ মনত কিছু অস্থিৰতা বাঢ়িব৷ স্বাস্থ্যৰ প্রতি সতর্ক হওক৷ কর্মস্পৃহা বাঢ়িব৷ প্রেমত সন্দেহ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

কর্কট : আজি সামাজিক মান–সন্মান লাভৰ সুযোগ৷ দাম্পত্যত সুখ-সমৃদ্ধি বৃৃদ্ধি পাব৷ আর্থিক উন্নতিত কিছু বাধা আহিব পাৰে৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷

সিংহ : আজি মনৰ আশা পূৰণ হ’ব৷ পুৰণি স্মৃতিয়ে আমনি কৰিব৷ বিদ্যা–শিক্ষাত যত্ন লোৱাৰ প্রয়োজন৷ ব্যৱসায়ত সফলতা৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৪৷

কন্যা : আজি শিল্পী–সাহিত্যিকৰ সুনাম বৃদ্ধি৷ দাম্পত্য জীৱনত কিছু সমস্যা আহিব পাৰে৷ ভ্রমণত আনন্দ লাভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ২৷

তুলা : আজি বিদ্যার্থীৰ শুভ৷ স্বাস্থ্যৰ মাজে–সময়ে আমনি হ’ব পাৰে৷ আত্মীয়ৰ পৰা সাৱধান হ’ব৷ দাম্পত্যত শুভ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১৷

বৃশ্চিক : আজি নৃত্য–গীতত ব্যস্ততা বৃদ্ধি৷ প্রেমত সঁহাৰি লাভ৷ শত্রুৰ পৰা সাৱধান হ’ব৷ সামাজিক দিশত শুভ৷ শৰীৰৰ প্রতি লক্ষ্য ৰাখক৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷

ধনু : আজি মনত সাহস বৃদ্ধি পাব৷ আর্থিক উন্নতিৰ যোগ৷ বিদ্যাত বাধা৷ কার্যসিদ্ধিৰ সম্ভাৱনা৷ প্রেমত প্রতাৰিত হ’ব পাৰে৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৫৷

মকৰ : আজি বিভিন্ন ক্ষেত্রত সাহসৰ পৰিচয় দিব৷ জ্ঞান–বুদ্ধিৰ বিকাশ হ’ব৷ মনত কিছু অস্থিৰতা বৃদ্ধি পাব৷ আত্মীয়ৰ পৰা সাৱধান হ’ব৷ শুভ ৰংবগা, শুভ সংখ্যা ৮৷

কুম্ভ : আজি সন্তানৰ সফলতাই আনন্দ দিব৷ পাৰদর্শিতা বৃদ্ধি পাব৷ দাম্পত্যত সুখ–সমৃদ্ধি বৃদ্ধি৷ আর্থিক দিশত শুভ ফল৷ শুভ ৰং ধূসৰ, শুভ সংখ্যা ৫৷

মীন : আজি ভ্রমণৰ সুযোগ লাভ৷ সৎ ব্যক্তিৰ সান্নিধ্য প্রাপ্তি৷ প্রেমত শুভ৷ স্বাস্থ্যৰ কিছু যত্ন ল’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷

You might also like