নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদৰ বর্ষাকালীন অধিৱেশনৰ দিন ঘোষণা সংসদীয় পৰিক্রমা মন্ত্রীৰ

ডিজিটেল ডেস্ক, ৫ জুলাই : সংসদৰ বর্ষাকালীন অধিৱেশনৰ দিন ঘোষণা কৰিলে মোদী চৰকাৰে৷ সংসদীয় পৰিক্রমা মন্ত্রী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমত শনিবাৰে জনায় যে ২০ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বর্ষাকালীন অধিৱেশন৷ এই অধিৱেশন চলিব ১৩ আগষ্টলৈকে৷ কেন্দ্রীয় চৰকাৰৰ পৰামর্শ মতে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে সংসদৰ দুয়ো সদনৰ বর্ষাকালীন অধিৱেশন আহ্বানৰ অনুমতি দিছে৷

পশ্চিমবংগ, অসম আৰু পুডুচেৰী বিধানসভা নির্বাচনত বিজেপি আৰু সহযোগী দলসমূহৰ বিজয়ৰ পিছত অনুষ্ঠিত হ’বলগীয়া এই ২৫দিনীয়া বর্ষাকালীন অধিৱেশনত ১৯খন বৈঠক বহিব৷ সংবিধানৰ ১৩০সংখ্যক সংশোধনী বিধেয়কখন চালি–জাৰি চাই আছে যুটীয়া সংসদীয় সমিতিয়ে৷ এইবাৰ সংসদত উত্থাপন হ’বলগীয়া এই বিধেয়কৰ এটা অংশত কোৱা হৈছে যে প্রধানমন্ত্রী, মুখ্যমন্ত্রী বা কোনো মন্ত্রী গ্রেপ্তাৰ হৈ ৩০ দিন জিম্মাত থাকিলে তেওঁ মন্ত্রিত্ব হেৰুৱাব৷

You might also like