ডিজিটেল ডেস্ক, ৫ জুলাই : মৈৰাবাৰীত শনিবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী মহিন্দ্ৰা বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত অৱস্থিত এখন গেলামাল দোকানৰ ভিতৰত সোমাই পৰে।
দক্ষিণ মৈৰাবাৰীত বলেৰ’ বাহনখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই দোকানখনত খুন্দা মৰাত দোকানখনৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোকৰ ভিৰ লাগে আৰু অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
সৌভাগ্যবশতঃ এই ভয়ংকৰ দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণহানি বা গুৰুতৰ আঘাত পোৱা নাই। অৱশ্যে দোকানখনৰ যথেষ্ট আৰ্থিক ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
ইতিমধ্যে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বাহনখনে কেনেদৰে নিয়ন্ত্ৰণ হেৰুৱালে, সেয়া তদন্তৰ অন্তত স্পষ্ট হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।