নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ভূ-পৃষ্ঠৰ তলেৰে হ’ব বিদ্যুৎ সংযোগ

ডিজিটেল ডেস্ক, ৬ জুলাই : ভূ-পৃষ্ঠৰ তলেৰে সংযোজিত অত্যাধুনিক বৈদ্যুতিক তাঁৰৰ জৰিয়তে মহানগৰবাসীলৈ বিদ্যুৎ যোগান৷ অসম্ভৱ যেন লাগিলেও শীঘ্রেই উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী সংযোজিত হ’ব এই প্রকল্পৰ সৈতে৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আৰম্ভ কৰিব এই অভিলাষী প্রকল্প৷

লক্ষণীয় যে মহানগৰীৰ মূল পথৰ লগতে অলিয়ে–গলিয়ে থকা বিভিন্ন বৈদ্যুতিক খুঁটাত সংযোজিত তাঁৰৰ জৰিয়তে পৰম্পৰাগতভাৱে এপিডিচিএলে আৰম্ভণিৰ পৰাই মহানগৰবাসীক বিদ্যুৎ যোগান ধৰি আহিছে৷ এই প্রক্রিয়াই বিভিন্ন সময়ত বহু ভয়ংকৰ প্রত্যাহ্বানৰ সৃষ্টিও কৰি আহিছে৷ বৈদ্যুতিক খুঁটাত সংযোগী তাঁৰত বিদ্যুৎস্পৃষ্ট অথবা ধুমুহা–বৰষুণত ক্ষতিগ্রস্ত হোৱা বৈদ্যুতিক তাঁৰৰ পৰা প্রৱাহিত বিদ্যুতে বিভিন্ন সময়ত মানুহৰ প্রাণহানি কৰি আহিছে৷ এনেধৰণৰ প্রত্যাহ্বানক লক্ষ্য কৰি এপিডিচিএলে গ্রহণ কৰিছে এই বৈদ্যুতিক যোগান নেটৱর্ক ব্যৱস্থা৷ অৱশ্যে এতিয়াও এই প্রকল্প কাগজ–কলমৰ মাজতে আবদ্ধ আছে যদিও শীঘ্রেই অত্যাধুনিক প্রযুক্তিৰ জৰিয়তে মহানগৰবাসীক বিদ্যুৎ যোগান ধৰিবলৈ প্রস্তুতি চলাইছে বিদ্যুৎ কোম্পানীটোৱে৷

এপিডিচিএলৰ এক সূত্রৰ পৰা জানিব পৰা মতে, কেন্দ্রীয় চৰকাৰৰ ৰিভেম্পড্ ডিষ্ট্রিবিউচন ছেক্টৰ স্কিম, চমুকৈ আৰবিএছএছ আঁচনিৰ অধীনত ২০০ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প গ্রহণ কৰা হৈছে৷ প্রথম পর্যায়ত উক্ত পুঁজিৰে মহানগৰীৰ ৫টা স্থানক সামৰি প্রকল্পটো আৰম্ভ কৰা হ’ব৷ এই অনুসৰি মহানগৰীৰ সর্বাধিক ট্রেফিকযুক্ত এলেকা ক্রমে পল্টনবজাৰ স্কোৱেৰ, এটি ৰোডৰ অন্তর্গত পল্টনবজাৰৰ পৰা ভৰলুমুখ, এমজি ৰোডৰ একাংশ, জিএমচিএইচ ৰোডৰ লগতে জিএছ ৰোড আৰু এটি ৰোডৰ ভৰলুমুখৰ পৰা জালুকবাৰীলৈ এই ৫টা স্থানত এপিডিচিএলে উক্ত প্রকল্প আৰম্ভ কৰাৰ চিন্তাচর্চা কৰিছে৷

সূত্রটোৱে সদৰী কৰা মতে, এই সন্দর্ভত ইতিমধ্যে কোম্পানীটোৱে সম্ভাব্য স্থানসমূহত জৰীপকে ধৰি আন বিষয়সমূহ পৰীক্ষা কৰিছে৷ যিহেতু উচ্চ ট্রেফিককে ধৰি বাণিজ্যিক গুৰুত্বৰ দিশৰ পৰা এই অঞ্চলসমূহ মহানগৰীৰ ভিতৰত সর্বাধিক গুৰুত্বপূর্ণ অঞ্চল, গতিকে এপিডিচিএলৰ তৰফৰ পৰা প্রথম পর্যায়ত এই স্থানসমূহ বাছনি কৰা হৈছে৷ পৰৱর্তী সময়ত ভূ–পৃষ্ঠৰ তলেৰে সংযোজিত বৈদ্যুতিক তাঁৰৰ এই নেটৱর্ক মহানগৰীৰ আন ভিতৰুৱা অঞ্চলসমূহলৈও সম্প্রসাৰিত কৰা হ’ব৷

উল্লেখ্য যে এজাক বৰষুণে মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি কৰি বহু সময়ত নাগৰিকৰ লগতে প্রাত্যহিক জীৱনযাত্রাকো বিঘ্নিত কৰি আহিছে৷ সেইবাবেই পৰৱর্তী সময়ত মহানগৰীৰ বানপ্রৱণ এলেকাসমূহতো এপিডিচিএলে ভূ–পৃষ্ঠৰ তলেৰে সংযোজিত বৈদ্যুতিক তাঁৰৰ নেটৱর্ক সংযোগ কৰাৰ ব্যৱস্থা গ্রহণ কৰিব৷

সূত্রটোৱে সদৰী কৰা মতে, প্রথম পর্যায়ৰ এই প্রকল্পৰ বিস্তৃত প্রতিবেদন অর্থাৎ ডিপিআৰ প্রস্তুত কৰি ইতিমধ্যে কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিছে৷ কেন্দ্রীয় শক্তি মন্ত্রালয়ে এই প্রকল্পত সেউজ সংকেত প্রদান কৰাৰ লগে লগে প্রকল্পটোৰ কাম দ্রুতগতিত আৰম্ভ কৰা হ’ব৷

জানিব পৰা মতে, এনেধৰণৰ প্রকল্পবোৰৰ বিস্তৃত প্রতিবেদন শক্তি বিত্তীয় নিগমলৈ প্রথম অৱস্থাত প্রেৰণ কৰা হয়৷ উক্ত প্রতিবেদন ভালদৰে চালি–জাৰি চোৱাৰ পাছত নিগমে সেয়া চূড়ান্ত অনুমোদনৰ বাবে কেন্দ্রীয় শক্তি মন্ত্রালয়লৈ প্রেৰণ কৰে৷ কেন্দ্রীয় চৰকাৰৰ পৰা সেউজ সংকেত অহাৰ লগে লগে পল্টনবজাৰ স্কোৱেৰত প্রথম পর্যায়ৰ প্রকল্পটোৰ কাম আৰম্ভ হ’ব৷ ইয়াৰ বাবে প্রয়োজনীয় মানৱ সম্পদকে ধৰি সকলো আন্তঃগাঁথনি এপিডিচিএলত মজুত আছে৷ যদিহে সকলো পৰিকল্পনা কৰা অনুসৰি আগবাঢ়ে, তেতিয়াহ’লে গুৱাহাটী মহানগৰীত বৈদ্যুতিক খুঁটাসহ মুক্ত তাঁৰৰ সলনি ভূ–পৃষ্ঠৰ তলেৰে সংযোজিত বৈদ্যুতিক তাঁৰৰ নেটৱর্কিং ব্যৱস্থাৰে মহানগৰবাসীক বিদ্যুৎ যোগান ধৰিব৷ এই ব্যৱস্থাই অদূৰ ভৱিষ্যতে বৈদ্যুতিক দুর্ঘটনাকে ধৰি বিভিন্ন আশংকা লাঘৱ কৰাৰ লগতে বৈদ্যুতিক সংবহন আৰু বিতৰণ ব্যৱস্থাত বিভিন্ন সময়ত এপিডিচিএলে সন্মুখীন হৈ অহা লোকচানৰ ঘাটিও পূৰণ কৰিব বুলি সূত্রটোৱে সদৰী কৰিছে৷

এই ব্যৱস্থাই ভৱিষ্যতে মহানগৰীত বৈদ্যুতিক যোগান ব্যৱস্থাক অধিক জনমুখী কৰি তুলিব৷ চলিত বর্ষৰ ভিতৰতে এই প্রকল্প আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি উচ্চস্তৰীয় সূত্রটোৱে জনাইছে৷ প্রথম পর্যায়ৰ প্রকল্প সফলতাৰে সম্পন্ন হোৱাৰ পাছতে জালুকবাৰীৰ পৰা ধাৰাপুৰ, ভিআইপিকে ধৰি আন গুৰুত্বপূর্ণ স্থানসমূহতো এই প্রকল্প ৰূপায়ণ কৰা হ’ব৷ সফলভাৱে এই প্রকল্প সম্পূর্ণ হ’লে অত্যাধুনিক বৈদ্যুতিক ব্যৱস্থাৰে উজলিব গুৱাহাটী মহানগৰী৷ দুর্ঘটনাৰ আশংকাকে ধৰি বিদ্যুতৰ সৈতে জড়িত আন সমস্যাৰো স্থায়ী সমাধান হ’ব৷

You might also like