ফিফা বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, নৰৱেৰ ঐতিহাসিক জয়
এৰ্লিং হালাণ্ডৰ অন্তিম সময়ৰ দুটা গ’লৰ জৰিয়তে নৰৱেই ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই পৰাজয়ে পাঁচবাৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক ১৯৯০ চনৰ পিছত প্ৰথমবাৰৰ বাবে ইমান সোনকালে প্ৰতিযোগিতাৰ পৰা বিদায় ল’বলৈ বাধ্য কৰিলে।
দেওবাৰে নিউয়ৰ্ক–নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখনত নৰৱেৰ গ’লৰক্ষক অ’ৰজান নাইলেণ্ডে অসাধাৰণ প্ৰদৰ্শন আগবঢ়ায়। প্ৰথমাৰ্ধত ব্ৰুনো গুইমাৰাইছৰ পেনাল্টী সফলভাৱে ৰক্ষা কৰাৰ লগতে একাধিক নিশ্চিত গ’লৰ সুযোগ প্ৰতিহত কৰে।
মেচৰ ৭৯ আৰু ৯০ মিনিটত এৰ্লিং হালাণ্ডে দুটা গ’ল কৰি নৰৱেক ২-০ ব্যৱধানত আগুৱাই নিয়ে। ষ্টপেজ টাইমৰ দশম মিনিটত নেইমাৰে পেনাল্টীৰে ব্ৰাজিলৰ হৈ এটা গ’ল পৰিশোধ কৰে যদিও সেয়া পৰাজয় ৰোধ কৰিবলৈ যথেষ্ট নাছিল।
এই দুটা গ’লৰ সৈতে হালাণ্ডে টুৰ্ণামেণ্টত নিজৰ গ’লৰ সংখ্যা ৭টালৈ বৃদ্ধি কৰি লিঅ’নেল মেছিৰ সমান হয়। কোৱাৰ্টাৰ ফাইনেলত নৰৱেই ১১ জুলাইত মিয়ামিত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব।
বিশ্বকাপৰ ২৪ বছৰৰ খিতাপৰ খৰাং দূৰ কৰাৰ লক্ষ্যৰে কাৰ্লো আনচেলত্তিক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া ব্ৰাজিলে পুনৰ ইউৰোপীয় দলৰ হাতত পৰাজিত হৈ টুৰ্ণামেণ্টৰ পৰা বিদায় ল’লে। একেৰাহে ষষ্ঠবাৰৰ বাবে ইউৰোপীয় দলৰ বিৰুদ্ধে নকআউট পৰ্যায়ত পৰাস্ত হ’ল ব্ৰাজিল।
মেচৰ আৰম্ভণিতেই পেট্ৰিক বেৰ্গে নৰৱেৰ হৈ গ’ল কৰিছিল যদিও অফছাইডৰ বাবে সেই গ’ল বাতিল হয়। পিছত মেথিউছ কুনহাৰ ওপৰত কৰা ফাউলৰ বাবে ব্ৰাজিলে VAR-ৰ সহায়ত পেনাল্টী লাভ কৰে যদিও নাইলেণ্ডে গুইমাৰাইছৰ শ্বট ৰক্ষা কৰে।
মাৰ্টিন ওডেগাৰ্ড, ভিনিচিয়াছ জুনিয়ৰ, গাব্ৰিয়েল মাৰ্টিনেল্লি আৰু ৰায়ানৰ একাধিক বিপজ্জনক প্ৰচেষ্টা নাইলেণ্ডে প্ৰতিহত কৰি নৰৱেক খেলখনত টিকাই ৰাখে।
দ্বিতীয়াৰ্ধত নৰৱেৰ প্ৰশিক্ষক ষ্টালে ছলবাক্কেনে কিছুমান গুৰুত্বপূৰ্ণ পৰিবৰ্তন কৰে। আনহাতে ব্ৰাজিলৰ হৈ এণ্ড্ৰিক আৰু ৬৭ মিনিটত নেমাৰৰ আগমনে সমৰ্থকসকলৰ মাজত উৎসাহ সৃষ্টি কৰিছিল যদিও খেলৰ গতিপথ সলনি কৰিব নোৱাৰিলে।
অৱশেষত এণ্ড্ৰিয়াছ শেল্ডেৰাপৰ বাঁওফালৰ পৰা অহা নিখুঁত ক্ৰছত এৰ্লিং হালাণ্ডে শক্তিশালী হেডাৰে গ’ল কৰি নৰৱেক অগ্ৰগতি দিয়ে। মেচৰ অন্তিম মুহূৰ্তত বক্সৰ বাহিৰৰ পৰা শক্তিশালী শ্বট মাৰি দ্বিতীয় গ’লটোও সম্পূৰ্ণ কৰে।
ষ্টপেজ টাইমত কেচেমিৰোৰ ওপৰত কৰা এলব’ৰ বাবে ব্ৰাজিলে দ্বিতীয়টো পেনাল্টী লাভ কৰে। নেইমাৰে সেই পেনাল্টী সফলভাৱে গ’ললৈ ৰূপান্তৰিত কৰে যদিও শেষত নৰৱেই ২-১ গ’লত ঐতিহাসিক জয় সাব্যস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে।
ডিজিটেল ডেস্ক, ৬ জুলাই