ডিজিটেল ডেস্ক, ৫ জুলাই : যোৰহাট বন সংমণ্ডলৰ এজন বনকৰ্মীৰ এক অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতে তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। সামাজিক মাধ্যমত শনিবাৰে যোৰহাট বন সংমণ্ডলৰ ফৰেষ্টাৰ-২ মন্টু হাজৰিকা আৰু এজন যুৱকৰ মাজৰ কথোপকথনৰ এক অডিঅ’ ক্লিপ ভাইৰেল হৈছিল। উক্ত অডিঅ’ ক্লিপটোত বনকৰ্মীগৰাকীৰ অনিয়ম আৰু নীতিবহিৰ্ভূত কাৰ্যকলাপ প্ৰকাশ পায়। এই অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰাৰ পাছতেই যোৰহাট বন সংমণ্ডলৰ ফৰেষ্টাৰ-২ মন্টু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰা হয়।
উল্লেখ্য যে উক্ত যুৱকজনক যোৰহাট বন সংমণ্ডলৰ ফৰেষ্টাৰ-২ মন্টু হাজৰিকাই ডাম্পাৰ চলোৱাৰ বিনিময়ত ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি দৰ-দাম কৰিবলৈ যুৱকজনক কাৰ্যালয়লৈ মাতি পঠিয়াইছিল ফৰেষ্টাৰ হাজৰিকাই। কথোপকথনত প্ৰতিখন গাড়ীৰ বাবদ পূৰ্বৰে পৰা বন বিষয়াগৰাকীয়ে ধন লৈ থকাৰ কথাও প্ৰকাশ পাইছিল।
এই ভাইৰেল অডিঅ’ ক্লিপটো অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁ বিষয়টো অতি গুৰুত্বসহকাৰে লৈ অভিযুক্ত বনকৰ্মীজনৰ বিৰুদ্ধে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে। বনমন্ত্ৰীৰ এই জৰুৰী নিৰ্দেশৰ পাছতেই যোৰহাট সংমণ্ডলৰ সংমণ্ডল বন বিষয়াই এক চৰকাৰী নিৰ্দেশ জাৰি কৰি বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ফৰেষ্টাৰ-২ মন্টু হাজৰিকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে।