নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : গ্রীষ্ম বন্ধৰ সাতোৰঙী সপোন

নম্বৰকেন্দ্রিক দৌৰ প্রতিযোগিতাত সম্প্রতি বিপন্ন শৈশৱ৷ পাঠ্যপুথি, টিউচন, হোমৱর্ক আদিৰ বোজাই ছাত্র–ছাত্রীসকলৰ ৰুচিবোধ অথবা নিজস্ব সৃষ্টিশীলতাত ক’ৰবাত হেৰুৱাই পেলাইছে৷ বোকাপানী গচকি নোপোৱা, সাধুকথা–নিচুকনি গীত নুশুনা, ৰ’দ–বৰষুণ, নিশাৰ জোনাক, আকাশৰ নান্দনিক মাদকতাৰ অনুভৱ কৰাৰ সুযোগ নোপোৱা ছাত্র–ছাত্রীসকলক যন্ত্রমানৱ সৃষ্টি কৰাৰ অঘোষিত প্রতিযোগিতা চলিছে৷ নম্বৰকেন্দ্রিক এনে প্রতিযোগিতা মাথোঁ আমাৰ বিদ্যালয়সমূহতে সীমাবদ্ধ থকা নাই, প্রতিগৰাকী অভিভাৱকৰ মাজতো এনে ভাবধাৰা জাগ্রত হৈছে৷ মাথোঁ নম্বৰকেন্দ্রিক শৈক্ষিক ব্যৱস্থাই এখন সৃষ্টিশীল সমাজ গঢ়িব নোৱাৰে৷ সর্বাধিক নম্বৰ লাভ কৰি প্রতিষ্ঠিত শিক্ষানুষ্ঠানত নামভর্তিৰ সুযোগ লাভ কৰিলেও নিজস্ব সৃষ্টিশীলতা অথবা ৰুচিবোধৰ বিপৰীতে শিক্ষাগ্রহণ কৰি কিমানসংখ্যক ছাত্র–ছাত্রীৰ ভৱিষ্যৎ বিপন্ন হৈছে, তাৰ হয়তো লেখ–জোখ নাই৷ ছাত্র–ছাত্রীসকলক ৰুচিভিত্তিক শিক্ষা প্রদান ব্যৱস্থাই আমাৰ সমাজখনক, আমাৰ ৰাজ্যখনক, আমাৰ দেশখনক অধিক সমৃদ্ধ কৰাৰ সম্ভাৱনা আছে৷ ছাত্র–ছাত্রীসকলক চাপমুক্ত কৰিবলৈ গ্রীষ্ম বন্ধত এইবাৰ এক ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছে অসম জাতীয় বিদ্যালয়ে৷ বিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ দিক নির্ণয় কৰাৰ লক্ষ্যৰে ‘ৰামধেনু : সাতোৰঙী সপোনৰ সাতটা দিন’ এক বিশেষ কার্যসূচী গ্রহণ কৰা হৈছে৷ গ্রীষ্মকালীন বন্ধৰ সময়ত পাঠ্যপুথিৰ হোমৱর্কৰ বিপৰীতে ছাত্র–ছাত্রীসকলক নিজস্ব ৰুচিবোধ আৰু মনে বিচৰা কামৰ সাতটা দিনৰ অনুভৱ লিখিতভাৱে উপস্থাপন কৰাৰ ব্যৱস্থা লৈছে৷ গ্রীষ্মকালীন বন্ধৰ সময়ছোৱাত পৰিয়াল তথা আত্মীয়–স্বজনৰ স’তে কটোৱা আন্তৰিক সান্নিধ্য, কবিতা, গল্প–প্রবন্ধ লিখা, চুটি নাটক লিখা, দিনলিপি লিখা, বন্ধু–বান্ধৱী আৰু দূৰত থকা আপোন মানুহলৈ চিঠি লিখাৰ পৰামর্শ দিয়া হৈছে৷ তদুপৰি গ্রীষ্মকালীন বন্ধৰ সাতটা দিনৰ ভিতৰত ছাত্র–ছাত্রীসকলে ঘৰত সজাই থ’ব পৰা সামগ্রী নির্মাণ আৰু পৰিয়ালৰ স’তে নিজ বাসভৱনৰ চৌহদ পৰিষ্কাৰ কৰাৰো পৰামর্শ প্রদান কৰা হৈছে৷ গ্রীষ্মকালীন বন্ধৰ সময়ছোৱাত অসম জাতীয় বিদ্যালয়ে গ্রহণ কৰা এনে পদক্ষেপে নিশ্চিতভাৱে ছাত্র–ছাত্রীসকলৰ নিজস্ব ৰুচিবোধ প্রতিফলন কৰিব৷ আন্তৰিক ৰুচিবোধ থাকিলে ছাত্র-ছাত্রীসকলৰ সৃষ্টিশীলতাই অনন্য ৰূপ ধাৰণ কৰে৷

বিগত প্রায় তিনি দশকৰো অধিক ৰাজ্যখনৰ মাতৃভাষাৰ শিক্ষাদান ব্যৱস্থাত এক বৈপ্লৱিক পৰিৱর্তন সূচনা কৰা অসম জাতীয় বিদ্যালয়ে গুণগত শিক্ষাত সর্বাধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷ বিগত তিনিটা দশকত ৰাজ্যখনত ইংৰাজী মাধ্যমৰ শিক্ষাৰ প্রতি ছাত্র–ছাত্রী আৰু অভিভাৱকসকল আকৃষ্ট হোৱাৰ সময়তে ৰাজ্য চৰকাৰৰ অধীনস্থ চৰকাৰী বিদ্যালয়সমূহ ক্রমাগতভাৱে বন্ধ হ’বলৈ ধৰিছে৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গাঁৱে গাঁৱে থকা বিদ্যালয়সমূহ ইচ্ছাকৃতভাৱে বন্ধ কৰা নাই৷ বিনামূলীয়া নামভর্তি, মাচুলবিহীনৰ সুবিধা লাভ কৰা গ্রামাঞ্চলত বিদ্যালয়সমূহৰ স্কুলঘৰ উন্নীত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছিল৷ ছাত্র–ছাত্রীসকলৰ বাবে ডেস্ক–বেঞ্চ, বিজুলী সংযোগেৰে ফেনৰ ব্যৱস্থা, মধ্যাহ্ণ ভোজন আদিৰ ব্যৱস্থা কৰা সত্ত্বেও বিদ্যালয়সমূহলৈ ছাত্র–ছাত্রী তথা অভিভাৱকসকলৰ আগ্রহ নোহোৱা হৈছে৷ ফলত ছাত্র–ছাত্রীৰ অভাৱত চৰকাৰী খণ্ডৰ মাতৃভাষাৰ বিদ্যালয়সমূহে তীব্র সমস্যাৰ সন্মুখীন হৈ মৃত্যুমুখত পৰিছে৷ একে সময়তে অসম জাতীয় বিদ্যালয়ে গুণগত শিক্ষাৰ জৰিয়তে ৰাজ্যখনৰ ছাত্র–ছাত্রী আৰু অভিভাৱকসকলক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷ মাতৃভাষাৰ লগতে ইংৰাজী ভাষাকো গুৰুত্ব আৰোপ কৰি অসম জাতীয় বিদ্যালয়ে গুণগত শিক্ষাক অধিক ফলপ্রসূ কৰিবলৈ ধাৰাবাহিক প্রচেষ্টা অব্যাহত ৰাখিছে৷ অসম জাতীয় বিদ্যালয়ৰ এনে গুণগত শিক্ষাৰ আর্হিতে ৰাজ্য চৰকাৰেও একাংশ মাতৃভাষাৰ বিদ্যালয়ত ইংৰাজী ভাষাৰ শিক্ষা ব্যৱস্থা প্রৱর্তন কৰাৰ ব্যৱস্থা হৈছে৷ কিন্তু সুনির্দিষ্ট পৰিকল্পনা আৰু আন্তঃগাঁথনি অবিহনে চৰকাৰী বিদ্যালয়সমূহত এনে দ্বৈত শিক্ষা ব্যৱস্থা ফলপ্রসূ কৰাটো সহজসাধ্য নহয়৷ এখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান আৰু শৈক্ষিক পৰিৱেশ নির্ভৰ কৰে বিদ্যালয়খনৰ শিক্ষক আৰু পৰিচালনা সমিতিৰ ওপৰত৷ বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে ছাত্র–ছাত্রীৰ অভিভাৱকসকলৰ স’তে সম্পর্ক স্থাপনৰ জৰিয়তেও শিক্ষাদান ব্যৱস্থাক অধিক ফলপ্রসূ কৰাৰ সুযোগ আছে৷ সুখবৰ এয়ে যে ৰাজ্যখনৰ এনে বহু মাতৃভাষাৰ ঐতিহ্য বহন কৰা শিক্ষানুষ্ঠান আছে, যিসমূহ বিদ্যালয়ত নামভর্তিৰ বাবে কণ কণ শিশু আৰু অভিভাৱকে শাৰী পাতিবলগীয়া হয়৷ কিন্তু যিসমূহ চৰকাৰী আৰু মাতৃভাষাৰ বিদ্যালয়লৈ ছাত্র–ছাত্রী পঢ়িবলৈ নাযায়, ঘৰৰ কাষতে থকা বিদ্যালয়খন এৰি দূৰত থকা ব্যক্তিগত বিদ্যালয়ত কণ কণ শিশুসকলক অভিভাৱকসকলে পঠিয়ায়, তাৰ কাৰণ নিশ্চিতভাৱে সংশ্লিষ্ট বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে অনুভৱ কৰিব লাগিব৷ অসম জাতীয় বিদ্যালয়ে গ্রীষ্মকালীন বন্ধৰ সময়ছোৱাত ছাত্র–ছাত্রীসকলৰ বাবে গ্রহণ কৰা ব্যতিক্রমী পদক্ষেপ আমাৰ মাতৃভাষাৰ বিদ্যালয়সমূহেও কৰিব পাৰে৷ ইয়াৰ বাবে লাগিব বিদ্যালয়সমূহৰ মুৰব্বী আৰু শিক্ষাগুৰুৰ একনিষ্ঠ প্রচেষ্টা৷

You might also like