নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আহক, এডাল গছ ৰোওঁ

সামৰিক নহয়, আধুনিক বিশ্বৰ সবাতোকৈ বৃহৎ যুঁজখনেই হ’ল মানুহ বনাম প্রকৃতি৷ অন্য অর্থত ক’ব খুজিলে কংক্রিট আৰু অৰণ্যৰ যুঁজেই এতিয়া সকলোতকৈ কঠিন যুঁজ৷ কংক্রিটৰ সর্বগ্রাসী আগ্রাসনত ক্রমাৎ উদ্বেগজনকভাৱে টুটি আহিছে সেউজ অৰণ্য৷ যি অৰণ্য ধ্বংস কৰি মানুহে কংক্রিটৰ অৰণ্য সাজিছে, সেই কংক্রিটৰ অৰণ্যই কিন্তু মানৱ জাতিলৈয়ে ভয়ানক সংকট কঢ়িয়াই আনিছে৷ অৰণ্যৰ দ্রুত হ্রাসে কার্যতঃ ক্রমশঃ মানুহৰ ভৱিষ্যতকে বিপদাপন্ন কৰি তুলিছে৷ এনে এক সংকটকালতো অসমৰ নতুন বনমন্ত্রী জয়ন্ত মল্ল বৰুৱাই লোৱা এক অভিলাষী আঁচনিয়ে দৃষ্টি আকর্ষণ কৰিছে৷ বনমন্ত্রী বৰুৱাই বৃহস্পতিবাৰে অহা ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈকে ৰাজ্যত ১ কোটি গছপুলি ৰোপণ আঁচনি ঘোষণা কৰে৷ স্বাধীনতা দিৱস উপলক্ষে লোৱা এই আঁচনিত বনমন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে যে ৰাজ্যখনৰ ১০ লাখ ছাত্র–ছাত্রীৰ জৰিয়তে ১ কোটি গছ ৰোপণ কৰা হ’ব৷ নৱম শ্রেণীৰ পৰা মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীক সাঙুৰি লোৱা এই আঁচনিৰ দ্বাৰা প্রতিগৰাকী ছাত্র–ছাত্রীয়ে ১০ ডালকৈ গছ ৰোপণ কৰিব৷ তেওঁ পৰোক্ষভাৱে আশা কৰিছে যে অন্ততঃ ৫০ শতাংশ গছপুলি এই আঁচনিৰ দ্বাৰা জীয়াই ৰাখিবলৈ সক্ষম হ’ব৷ এই আঁচনিৰ ওপৰত বনমন্ত্রী বৰুৱাই আন এক অভিনৱ পদক্ষেপ লৈছে৷ সেয়া হ’ল ৰাজ্যখনৰ চৰ–চাপৰিত অৰণ্যৰ সৃষ্টি কৰা৷ ইয়াৰ বাবে তেওঁ ড্রোনেৰে আকাশমার্গৰ পৰা চৰ–চাপৰিত গছ–গছনিৰ বীজ ছটিয়াই দিয়াৰ ‘এৰিয়েল ছীডিং’ আঁচনি লৈছে৷ যদি বাস্তৱিকতে এই আঁচনিৰ ৰূপায়ণ সফল হয়, তেন্তে অসমত বৃক্ষ আন্দোলনৰ ই হ’ব এক মাইলৰ খুঁটি৷ সচেতন অসমবাসীয়ে আশা কৰিব ইতিপূর্বে লোৱা বৃক্ষৰোপণ আঁচনিবোৰৰ দৰে নহৈ এই দুয়োটা আঁচনি সঁচাকৈয়ে ফলপ্রসূভাৱে ৰূপায়ণ হোৱাটো৷ কিয়নো ইতিপূর্বে অভিলেখ ৰচনা কৰা কিছু এনে বৃক্ষৰোপণ আঁচনিৰ বৃক্ষ কিন্তু ৰোৱাতেই মৰহি গৈছে৷

কংক্রিটৰ আগ্রাসনত অৰণ্য তিষ্ঠি থকাৰ যুঁজখনৰ এই সন্ধিক্ষণত কি কাৰণে প্রতিজন মানুহে অন্ততঃ একোডালকৈ গছ ৰোপণ কৰাৰ অতি প্রয়োজনীয় হৈ পৰিছে সেয়া গ্ল’বেল ফৰেষ্ট ৱাটছে শেহতীয়াকৈ প্রকাশ কৰা এক প্রতিবেদনতে প্রকাশ পাইছে৷ প্রতিবেদন অনুসৰি, ২০০১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসমে প্রায় ৩,৬০,০০০ হেক্টৰ (৩,৬০০ বর্গ কিলোমিটাৰ) বৃক্ষ আৱৰণ হেৰুৱাইছে৷ আৰু এয়া সমগ্র ভাৰতৰ ভিতৰতে সর্বাধিক বুলি চিহ্ণিত কৰা হৈছে৷ উদ্বেগজনক বিষয়টো হৈছে বিগত আঢ়ৈ দশকত অসমে হেৰুওৱা এই বৃক্ষ আৱৰণ, ২০০০ চনৰ মুঠ বৃক্ষ আৱৰণৰ প্রায় ১৩ শতাংশ৷ ততোধিক উদ্বেগজনক বিষয়টো হৈছে বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডললৈ প্রায় ১৮০ মেগাটন পৰিমাণৰ কার্বন–ডাই–অক্সাইড গেছ নির্গমন হৈছে, যি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে৷ প্রতিবেদন অনুসৰি ২০০২ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসমে ৭৭,০০০ হেক্টৰ ঘন চিৰসেউজ বা প্রাথমিক বনাঞ্চল হেৰুৱাইছে৷ যি হৈছে ৰাজ্যখনৰ মুঠ বৃক্ষ আৱৰণ ধ্বংসৰ প্রায় ২২ শতাংশ৷ বনাঞ্চল ধ্বংসৰ আটাইতকৈ ক্ষতিগ্রস্ত অঞ্চল হৈছে ৰাজ্যৰ দুখন পার্বত্য জিলা৷ অতি উদ্বেগজনকভাৱে ৰাজ্যৰ মুঠ বনাঞ্চল ধ্বংসৰ প্রায় ৬২ শতাংশ কেৱল কার্বি আংলং আৰু ডিমা হাছাও জিলাত হৈছে৷ কার্বি আংলঙে সর্বাধিক ১,৩০,০০০ হেক্টৰ আৰু ডিমা হাছাওৱে ৯০,০০০ হেক্টৰ বৃক্ষ আৱৰণ যোৱা ২৫ বছৰত হেৰুৱাইছে৷ মন কৰিবলগীয়া যে ফৰেষ্ট ৱাটচৰ প্রতিবেদন অনুসৰি দেশত হ্রাস পোৱা মুঠ বৃক্ষ আৱৰণৰ প্রায় ৬০ শতাংশই হৈছে উত্তৰ–পূর্বাঞ্চলৰ পাঁচখন ৰাজ্যৰ পৰা৷ তালিকাৰ শীর্ষত থকা অসমৰ ৩,৬০,০০০ হেক্টৰৰ পিছত মিজোৰামত যোৱা আঢ়ৈ দশকত ৩,৫০,০০০ হেক্টৰ, নাগালেণ্ডত ২,৮০,০০০ হেক্টৰ, মণিপুৰত ২,৭০,০০০ হেক্টৰ আৰু মেঘালয়ত ২,৫০,০০০ হেক্টৰ বৃক্ষ আৱৰণ হ্রাস পোৱাৰ তথ্য প্রতিবেদনখনত প্রকাশ পাইছে৷ এই জোঁৰ পুৰি হাত পোৱা অৱস্থাৰ পৰা অসমৰ বনাঞ্চলক ৰক্ষা কৰাৰ একমাত্র উপায়ে হ’ল ব্যাপক হাৰত বৃক্ষৰোপণৰ কার্যসূচী হাতত লোৱা৷ আৰু এই কার্যসূচীসমূহ ৰূপায়ণ কৰাৰ বাবে শিশু আৰু ছাত্র–ছাত্রীসকলৰ মাজত সজাগতা সৃষ্টি কৰাই হ’ব সকলোতকৈ প্রয়োজনীয় পদক্ষেপ৷ বৃক্ষৰোপণৰ গুৰুত্ব হৃদয়ংগম কৰিবলৈ স্কুলীয়া পাঠ্যক্রমত অন্তর্ভুক্ত কৰাটো হ’ব সকলোতকৈ ফলপ্রসূ ব্যৱস্থা৷

You might also like