নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰুৰীকালীন সেৱাত বৃহৎ পৰিৱৰ্তন, 112 নম্বৰতেই পাব সকলো সহায়

অসমত অতি সোনকালেই আৰম্ভ হ’ব সমন্বিত 112 জৰুৰীকালীন সঁহাৰি ব্যৱস্থা (Integrated Emergency Response System – 112)। ৰাজ্যিক কেবিনেট বৈঠকত আৰক্ষীৰ জৰুৰীকালীন সঁহাৰি ব্যৱস্থা উন্নীতকৰণৰ বাবে ১০০ কোটি টকাৰ প্ৰকল্প অনুমোদন জনোৱা হয়।

নতুন ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্স আৰু দুৰ্যোগ ব্যৱস্থাপনা সেৱাৰ বাবে পৃথকে পৃথকে নম্বৰত ফোন কৰাৰ প্ৰয়োজন নাথাকিব। ১১২ নম্বৰ ডায়েল কৰিলেই সকলো জৰুৰীকালীন সেৱা লাভ কৰিব পাৰিব সাধাৰণ ৰাইজে।

চৰকাৰে ৰাজ্যজুৰি প্ৰায় ২০০খন মবাইল আৰক্ষী সঁহাৰি বাহন নিয়োগ কৰাৰ লগতে দেৰগাঁৱত এটা অত্যাধুনিক কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিব। জৰুৰীকালীন ফোন পোৱাৰ লগে লগে ঘটনাস্থলৰ নিকটৱৰ্তী সঁহাৰি দলক তৎক্ষণাত প্ৰেৰণ কৰা হ’ব। চৰকাৰৰ লক্ষ্য হৈছে ১০ মিনিটৰ ভিতৰত যিকোনো জৰুৰীকালীন ঘটনাত সঁহাৰি জনোৱা।

ইফালে, আগন্তুক বাজেট অধিবেশনত উত্থাপনৰ বাবে অসম পৰ্যটন (সংশোধনী) বিধেয়ক অনুমোদন জনোৱা হৈছে। লগতে পুৰণি Sarai Act বাতিল কৰি ইয়াৰ প্ৰয়োজনীয় ধাৰাসমূহ নতুন পৰ্যটন আইনত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

কেবিনেটে অসম এমএছএমই (MSME) আইনতো অনুমোদন জনাইছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু সৰু উদ্যোগসমূহে চৰকাৰৰ পূৰ্বানুমতি নোলোৱাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। অৱশ্যে দূষণ সৃষ্টিকাৰী উদ্যোগসমূহৰ ক্ষেত্ৰত প্ৰচলিত আইন অনুসৰি অনুমতি ল’ব লাগিব।

ইয়াৰ উপৰি গুৱাহাটী ছেটেলাইট চিটী উন্নয়ন বিধেয়ক অনুমোদন জনোৱা হৈছে। এই বিধেয়কৰ অধীনত প্ৰস্তাৱিত ছেটেলাইট চিটী কোনো ব্যক্তিগত সংস্থাৰ পৰিৱৰ্তে চৰকাৰৰ এক বিশেষ কৰ্তৃপক্ষই উন্নয়ন কৰিব।

কেবিনেটে অসম ক্ষুদ্ৰ খনিজ সম্পদ ৰেহাই বিধি সংশোধন কৰি ৰাজ্যলৈ বালি, শিল আদি ক্ষুদ্ৰ খনিজ পৰিবহণ কৰা বাহনৰ ওপৰত ট্ৰানজিট মাচুল আৰোপ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে।

আনহাতে, বিশ্বনাথ চাৰিআলিত এটা আমূল দুগ্ধ প্ৰক্ৰিয়াকৰণ কাৰখানা স্থাপনৰ অনুমোদন দিয়া হৈছে। লগতে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিদেশ ভ্ৰমণত পূৰ্বে আৰোপ কৰা মিতব্যয়ী নীতি (Austerity Measure) প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ লগতে অসম ভূমি ৰাজহ আইনৰ দ্বাদশ অধ্যায় সংশোধনৰ প্ৰস্তাৱো কেবিনেটে অনুমোদন জনাইছে, যি আগন্তুক বাজেট অধিৱেশনত উত্থাপন কৰা হ’ব।

ডিজিটেল ডেস্ক, ৬ জুলাই

You might also like