ডিজিটেল ডেস্ক, ৭ জুলাই : ৰাজ্যৰ পৰা বিদেশীক বিতাড়নৰ বাবে শেহতীয়াভাৱে চৰকাৰে গ্রহণ কৰা পদক্ষেপক লৈ সোমবাৰে বিধানসভাৰ প্রাংগণত সৰৱ হয় বদৰুদ্দিন আজমল৷ প্রায় কুৰি বছৰ পিছত বিধায়কৰূপে অসম বিধানসভাত প্রৱেশ কৰা আজমলে মুকলিকৈ বাংলাদেশী বিতাড়নক লৈ আপত্তি দর্শোৱাই নহয়, চৰকাৰে যোৱা সময়ছোৱাত ভাৰত–বাংলা সীমান্তত পুশ্ববেকেৰে একাংশ বাংলাদেশী নাগৰিকক বিতাড়ন কৰাৰ ঘটনাক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্রশ্ণ উত্থাপন কৰে৷
বিদেশী বিতাড়নৰ বিষয়টোক লৈ সোমবাৰে এআইইউডিএফৰ বিধায়ক মজিবুৰ ৰহমানে এটা সভা স্থগিতৰ প্রস্তাৱ উত্থাপন কৰে৷ মজিবুৰ ৰহমানৰ অভিযোগ– ‘কিছুদিন ধৰি ৰাজ্য চৰকাৰে অসমৰ পৰা বিদেশীক পুশ্ববেক কৰি আহিছে৷ কিন্তু বিদেশীৰ নামত প্রকৃত ভাৰতীয়ক অন্যায়–অত্যাচাৰ কৰি নিশাৰ ভাগত বাংলাদেশ সীমান্তত এৰি থৈ অহা হৈছে৷ ইয়াৰ দ্বাৰা চূড়ান্তভাৱে মানৱ অধিকাৰ উলংঘা কৰা হৈছে৷’
এআইইউডিএফৰ বিধায়কগৰাকীৰ সভা স্থগিতৰ প্রস্তাৱ অধ্যক্ষই নাকচ কৰাৰ পাছত বিধানসভাৰ বাহিৰত সৰৱ হয় বদৰুদ্দিন আজমল৷ আজমলৰ অভিযোগ– ‘যিকোনো লোকক ধৰি সীমান্তলৈ নি পুশ্ববেক কৰি থকাৰ আঁৰত কি আইন আছে? কি আইনৰ আধাৰত একাংশ লোকক পুশ্ববেক কৰা হৈছে?’ ৰাজ্য চৰকাৰৰ পৰা এই সন্দর্ভত উত্তৰ বিচাৰি সৰৱ হোৱা আজমলৰ সভা স্থগিতৰ প্রস্তাৱ নাকচ কৰে বিধানসভাৰ অধ্যক্ষ ৰণজিত কুমাৰ দাসে৷
সভা স্থগিত প্রস্তাৱ নাকচ হোৱাৰ পাছত বিধানসভাৰ প্রাংগণত সংবাদ মাধ্যমৰ আগত আজমলে কয় যে সদনত আমি ইয়াৰ বিৰুদ্ধে থিয় হৈ থাকিম৷ চৰকাৰে কি আইনৰ আধাৰত এই লোকসকলক ঠেলি পঠিয়াইছে তাৰ উত্তৰ দিয়ক৷ যেতিয়ালৈ চৰকাৰে ইয়াৰ উত্তৰ নিদিয়ে, আমি মনে মনে নাথাকোঁ৷ চুবুৰীয়া বাংলাদেশ চৰকাৰৰ সৈতে এই বিষয়ত আলোচনা হৈছে নেকি? ভাৰত চৰকাৰে এই বিষয়ে বাংলাদেশ চৰকাৰৰ ওচৰত প্রস্তাৱ আগবঢ়াইছে নেকি? অসমত জংঘলৰাজ চলিবলৈ দিয়া নহ’ব৷ আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম বুলি দাবী তুলি আজমলে ইয়াকো উল্লেখ কৰে যে চৰকাৰৰ এইধৰণৰ কার্যকলাপৰ বিৰুদ্ধে ন্যায়ালয়ত জবাবদিহি কৰা হ’ব৷
মন কৰিবলগীয়া যে বিগত লোকসভা নির্বাচনত বিপর্যয়ৰ সন্মুখীন হোৱা আজমলে সদ্যসমাপ্ত বিধানসভা নির্বাচনত বিন্নাকান্দি সমষ্টিৰ পৰা জয়ী হৈ সুদীর্ঘ ২০ বছৰ পাছত বিধায়কৰূপে সদনলৈ আহিছে৷
আজমলে নগাঁও লোকসভা উপ–নির্বাচন সন্দর্ভতো মন্তব্য প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়– ‘উপ–নির্বাচনৰ বাবে আমি প্রস্তুতি চলাই আছোঁ৷ এজন ভাল প্রার্থীক প্রক্ষেপ কৰিবলৈ আমি তলে তলে সকলো কাম সম্পূর্ণ কৰিছোঁ৷’
উল্লেখ্য যে নগাঁও উপ–নির্বাচনত আজমলে তেওঁৰ পুত্রক প্রক্ষেপ কৰাৰ বাবে প্রস্তুতি চলাইছে বুলি চর্চা চলিছে৷ বিষয়টো সন্দর্ভত আজমলে কয়– ‘এই বিষয়টোত দলে সিদ্ধান্ত ল’ব৷ মই নিজাববীয়াকৈ কাৰো নাম উত্থাপন কৰা নাই৷ দলে সকলো সিদ্ধান্ত গ্রহণ কৰিব৷’