ডিজিটেল ডেস্ক, ৬ জুলাই : ড্ৰাগছ আৰু নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ মাজতে শ্ৰীভূমি জিলাৰ লংগাই ৰোডত আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে নিষিদ্ধ কোডিন ফছফেটযুক্ত কফ ছিৰাপ জব্দ কৰাৰ লগতে তিনিজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ তথ্য অনুসৰি, গিৰীশগঞ্জৰ পৰা বদৰপুৰ অভিমুখে গৈ থকা AS-10F-9545 নম্বৰৰ এখন ইকো ভেন সন্দেহৰ ভিত্তিত লংগাই ৰোডত আটক কৰি তালাচী চলোৱা হয়। তালাচীৰ সময়তে গাড়ীখনৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ কৰা হয়। জব্দ কৰা সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য ৮০ লাখ টকা বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।
ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৰাজ, মহম্মদ আৰু সুবল নামৰ তিনিজন সৰবৰাহকাৰীক ঘটনাস্থলীৰ পৰা আটক কৰিছে। বৰ্তমান ধৃতসকলক সোধা-পোছা চলাই থকা হৈছে। এই চোৰাং ব্যৱসায়ৰ সৈতে কোনো বৃহৎ আন্তঃৰাজ্যিক বা সংগঠিত চক্ৰ জড়িত আছে নেকি, সেই দিশতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।